ETV Bharat / state

বিধায়ক পবিন্দ্ৰ ডেকাৰ পদত্যাগৰ দাবী অসম গণ পৰিষদৰ

author img

By

Published : Nov 23, 2020, 6:22 PM IST

পাটাছাৰকুছি অসম গণ পৰিষদে সোমবাৰে পাঠশালাত এক সংবাদ মেল সম্বোধন কৰি ভিন্ন অভিযোগেৰে পবিন্দ্ৰ ডেকাৰ পদত্যাগৰ দাবী উত্থাপন কৰে ৷ এক সংবাদমেল সম্বোধন কৰি তেওঁ দলৰ ভিতৰৰ পৰাই দলৰ বিৰুদ্ধে কাম কৰি আছে বুলি ক্ষোভ প্ৰকাশ কৰে পাটাছাৰকুছি অগপ বিধান পৰিষদে ৷

Pathsala AGP press meet
বিধায়ক পবিন্দ্ৰ ডেকাৰ পদত্যাগৰ দাবী অগপ বিধান পৰিষদৰ

পাঠশালা, 23 নৱেম্বৰ: ৰাজ্যৰ ৰাজনৈতিক দল সমূহৰ মাজত অব্যাহত আছে ৰাজনৈতিক তৎপৰতা ৷ ইয়াৰ সমান্তৰালভাৱে ৰাজনৈতিক দল সমূহৰ দলীয় নেতা সকলৰ মাজত চলি থকা নিৰ্বাচন কেন্দ্ৰীক বাক যুদ্ধও বিশেষ ভাৱে লক্ষ্যণীয় হৈ পৰিছে ৷

অগপ বিধায়ক পবিন্দ্ৰ ডেকাৰ বিৰুদ্ধে বিগত সময়চোৱাত অগপৰ সভাপতি অতুল বৰাকে আদি কৰি কেইবাজনো শীৰ্ষ নেতৃত্বই প্ৰায়ে বিভিন্ন অভিযোগ তুলি অহা দেখা গৈছে ৷ এই একে সময়তে সোমবাৰে পুনৰ সমালোচনা সন্মোখীন হ'বলগীয়া হ'ল এই অগপ বিধায়ক জন ৷

পাটাছাৰকুছি অসম গণ পৰিষদে সোমবাৰে পাঠশালাত এক সংবাদ মেল সম্বোধন কৰি ভিন্ন অভিযোগেৰে পবিন্দ্ৰ ডেকাৰ পদত্যাগৰ দাবী উত্থাপন কৰে ৷ যদি তেওঁ পদত্যাগ নকৰে তেনেহ'লে দলৰ পৰা বহিষ্কাৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও সকিয়াই দিয়ে অসম গণ পৰিষদৰ নেতৃত্বয় ৷

পবিন্দ্ৰ ডেকাক দলবাগৰা আখ্যা দি অসম গণ পৰিষদেৰ নেতৃত্বই কয়, পবিন্দ্ৰ ডেকা অগপ দলি এজন জেষ্ঠ নেতা ৷ কিন্তু বিগত দিনত তেওঁ যিসমূহ কাম কৰি আহিছে সেই কাম সমূহে এতিয়া দলীয় কৰ্মীসকলক প্ৰায়ে অতিস্ত কৰি ৰাখিছে ৷ তেওঁ দলৰ ভিতৰৰ পৰাই দলৰ বিৰুদ্ধে কাম কৰি আছে বুলি ক্ষোভ প্ৰকাশ কৰে পাটাছাৰকুছি অগপ বিধান পৰিষদে ৷

ইফালে উক্ত সংবাদমেলতে অহা 10 ডিচেম্বৰত অগপ ই কেন্দ্ৰীয় ভাৱে পাঠশালা ভগৱতী ক্ষেত্ৰত ছহিদ দিৱস উদযাপনৰ কথাও ঘোষণা কৰে অসম গণ পৰিষদ ৷ সংবাদ মেলত পাটাছাৰকুছি অসম গণ পৰিষদৰ নেতা জিণ্টু চৌধুৰী আৰু ড০ ৰণজিৎ ডেকা আদি কৰি কেইবাজনো অগপৰ বিষয়ববীয়া উপস্থিত থাকে ৷

লগতে পঢ়কঃতৰুণ গগৈৰ স্বাস্থ্য সন্দৰ্ভত আবেগিক মন্তব্য হাগ্ৰামা মহিলাৰীৰ.

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.