ETV Bharat / state

সৰভোগৰ কৃষকৰ মাজত হাহাকাৰ: শাক-পাচলিৰ উচিত মূল্যৰ পৰা বঞ্চিত কৃষক - অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাংলংঘী মূল্যবৃদ্ধি

অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাংলংঘী মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ জনতাৰ লগতে কৃষকসকলৰ ৷ সমান্তৰালভাৱে শাক-পাচলিৰ‌ বজাৰতো হৈছে মুল্যবৃদ্ধি । তৎস্বত্বেও ৰাজ্যৰ কৃষকে লাভ কৰা নাই শাক-পাচলিৰ উচিত মূল্য (Pathetic condition of vegetable Sorbhog farmer) ৷

Pathetic condition of Sorbhog vegetable farmer
সৰভোগৰ কৃষকৰ মাজত হাহাকাৰ: শাক-পাচলিৰ উচিত মূল্যৰ পৰা বঞ্চিত কৃষক
author img

By

Published : Oct 8, 2022, 10:36 PM IST

বৰপেটাৰোড, ৮ অক্টোবৰ: ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাংলংঘী মূল্যবৃদ্ধিৰ জুয়ে দহিছে সাধাৰণ জনতাক (Price hike in Assam) । খাদ্য সামগ্ৰীৰ পৰা আদি কৰি সকলো বয়-বস্তুতেই হৈছে মুল্যবৃদ্ধি ৷ সমান্তৰালভাৱে শাক-পাচলিৰ‌ বজাৰতো জ্বলিছে‌ জুই । ৰাজ্যৰ বিভিন্ন চহৰ নগৰ সমূহত গ্ৰাহকে অধিক মূল্যত শাক-পাচলি‌ ক্ৰয় কৰিছে যদিও প্ৰকৃততে কৃষকে লাভ কৰা নাই ইয়াৰ উচিত মূল্য (Vegetable growers deprived of fair prices ) ।

সৰভোগৰ কৃষকে হাজাৰ হাজাৰ টকা খৰচ কৰি কপালৰ ঘাম মাটিত পেলাই কষ্টৰ বিনিময়ত প্ৰায় 2000 বিঘাতকৈ অধিক মাটিত উৎপাদন কৰা তিতাকেৰেলা আৰু পানীলাওৰ উচিত দাম নোপোৱাৰ বাবে দিশহাৰা হৈ পৰিছে কৃষকসকল ৷ খুচুৰা বজাৰত প্ৰতিকিলো তিতাকেৰেলা ২০/৩০ টকাকৈ বিক্ৰী হৈ আছে যদিও পাইকাৰী হিচাপত প্ৰতিকিলো তিতাকেৰেলা ৪/৫ টকাকৈ বিক্ৰী হোৱাত একপ্ৰকাৰ মূৰে-কপালে হাত দিছে কৃষকসকল (Pathetic condition of Sorbhog vegetable farmer) ৷

সৰভোগৰ কৃষকৰ মাজত হাহাকাৰ: শাক-পাচলিৰ উচিত মূল্যৰ পৰা বঞ্চিত কৃষক

ইপিনে একুৰি পানীলাও বিক্ৰী হৈছে মাত্ৰ ১০০ টকাত ৷ যাৰ ফলত নিজৰ প্ৰাপ্তৰ পৰা বঞ্চিত হৈছে এইসকল কৃষক ৷ আনহাতে, শাকপাচলি উৎপাদনৰ বাবে কৃষকে ব্যৱহাৰ কৰা কীটনাশক দ্ৰব্য আৰু ৰাসায়নিক সাৰৰ বৰ্ধিত মূল্যয়ো হতাশ কৰিছে কৃষকসকলক ৷ সেয়ে কৃষকে উৎপাদন কৰা শাকপাচলিৰ সঠিক মূল্য নিৰূপণৰ বাবে চৰকাৰক অনুৰোধ জনাইছে কৃষকে ৷

লগতে পঢ়ক: তেজস্বিতাৰ মৃত্যুৰ পাছতে মাজুলীলৈ আহিল ৩খন নতুন এম্বুলেন্স

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.