ETV Bharat / state

লক্ ডাউন শিথিলঃ ব্যাপক জন সমাগম বৰপেটাত

বৰপেটাত এই পৰ্যন্ত এগৰাকীও লোকৰ দেহত কৰ'ণা মহামাৰীৰ অৱস্থিতি ধৰা পৰা নাই যদিও, 1,684 গৰাকী লোকক ৰখা হৈছে হোম কোৱাৰেণ্টাইনত । কিন্তু ইয়াৰ মাজতে লক্ ডাউন শিথিলৰ পিচত চহৰখনৰ বজাৰ আৰু ৰাজহুৱা স্থান সমূহত দেখিবলৈ পোৱা গ'ল ব্যাপক জন সমাগম ।

author img

By

Published : May 9, 2020, 2:54 PM IST

overcrowded situation in barpeta after relaxationof lockdown

বৰপেটা, 9 মে': তৃতীয় পৰ্যায়ৰ লক্ ডাউনত জাৰি কৰা কিছু শিথিলতাৰ সময়তে বৰপেটাৰ বজাৰ আৰু ৰাজহুৱা স্থান সমূহত দেখিবলৈ পোৱা গ'ল ব্যাপক জন সমাগম । উল্লেখ্য যে, বৰপেটা জিলাত কৰ'ণা আক্ৰান্ত লোকৰ সংস্পৰ্শলৈ অহা সকলৰ ভিতৰত 2,292 গৰাকীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে । কিন্তু বৰ্তমানেও 1,684 গৰাকী লোকক ৰখা হৈছে হোম কোৱাৰেণ্টাইনত ।

লক্ ডাউন শিথিলঃ ব্যাপক জন সমাগম বৰপেটাত

আনহাতে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল, বৰপেটা অসামৰিক চিকিৎসালয়, সৰভোগ চিকিৎসালয়কে ধৰি জিলাখনত মুঠ 27 গৰাকী লোকক কোৱাৰেণ্টাইনত ৰখা হৈছে । বিশেষকৈ যোৱা ২৯ এপ্ৰিলত বঙাইগাঁৱত ধৰা পৰা COVID-19ত আক্ৰান্ত মহিলা গৰাকীৰ সংস্পৰ্শলৈ অহা, বৰপেটাৰ সৰভোগৰ একে পৰিয়ালৰে তিনিজন লোকক এতিয়াও বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কোৱাৰেণ্টাইনত ৰখা হৈছে । ইয়াৰোপৰি একেগৰাকী ৰোগীৰ সংস্পৰ্শত অহা সৰভোগ ষ্টেট বেংক শাখাৰ দুজন বিয়য়াসহ আন তিনিজনকো একেখন চিকিৎসালয়তে কোৱাৰেণ্টাইনত ৰখা হৈছে । এই ব্যক্তি কেইগৰাকীৰ লগত জড়িত আন 14 গৰাকী লোককো ইতিমধ্যে হোম কোৱাৰেণ্টাইন কৰা হৈছে ।

লগতে পঢ়কঃ আতংকিত নহয়, এই সময়ত সজাগ হওক জনসাধাৰণ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.