ETV Bharat / state

জোৰা টাপলি মাৰি চলিছে বিমল বড়াৰ শক্তি বিভাগ

author img

By

Published : Nov 4, 2021, 10:35 PM IST

অসম চৰকাৰৰ শক্তি বিভাগৰ সঘন উন্নয়নৰ নমুনা । এফালে যদি মূূূল পথৰ সন্মুখত আছে উন্মুক্ত ট্ৰেন্সফৰ্মাৰ আনফালে আকৌ বাঁহৰ খুঁটাৰে সংযোগ দিয়া হৈছে উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত । তদুপৰি বিদ্যুৎ পৰিবাহী তাঁৰৰ প্ৰতি ২ ফুটৰ ব্যৱধানত লগোৱা আছে জোৰা ।

open transformer at bangaigaon
জোৰা টাপলি মাৰি চলিছে বিমল বড়াৰ শক্তি বিভাগ

বৰপেটা, 4 নৱেম্বৰ : বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপসংমণ্ডলৰ অন্তৰ্গত বঙাইগাঁও জিলাৰ শৌলমাৰীত দুটাকৈ উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ ট্ৰেন্সফৰ্মাৰ উন্মুক্ত অৱস্থাত থকাৰ বাবে শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । ব্যস্ততা পূৰ্ণ ৰাস্তাৰ নিচেই কাষত সংযোগ দিয়া ট্ৰেন্সফৰ্মাৰটোত নাই কোনো চাৰিবেৰৰ ব্যৱস্থা । ৰাস্তাটোৰে প্ৰতিদিনা আহ যাহ কৰে কণ কণ স্কুলীয়া ছাত্ৰ-ছাত্ৰী । ট্ৰেন্সফৰ্মাৰটোত লগোৱা ফিউজবোৰ মুকলি ঠাইত থকাৰ বাবে কণ কণ ল’ৰা ছোৱালীবোৰে খালী হাতে চুব পাৰে ।

ইফালে নোৱাগাঁও, ঝাউবাৰীত বাঁহ আৰু কাঠৰ খুঁটাৰে সংযোগ দিয়া হৈছে উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত । তদুপৰি বিদ্যুৎ পৰিবাহী তাঁৰসমূহৰ প্ৰতি ২ ফুটৰ ব্যৱধানত লগোৱা আছে জোৰা । কোনো কোনো ঠাইত হাতেৰেও স্পৰ্শ কৰিব পাৰিব উচ্চ ক্ষমতা সম্পন্ন তাঁৰসমূহ । এই বিদ্যুৎ পৰিবাহী তাঁৰত যে, কোনোবাদিনা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ’ব, সেয়া ধুৰূপ ৷

বিদ্যুৎ বিভাগৰ সঘন উন্নয়নৰ কথা কোৱা শক্তিমন্ত্ৰী বিমল বড়াৰ বিদ্যুৎ বিভাগৰ এইয়া হৈছে উন্নয়নৰ নমুনা ৷ অঞ্চলটোত কোনো দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্বে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে শক্তি বিভাগৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : জ্ঞানশ্ৰী বৰাৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী দল-সংগঠনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.