ETV Bharat / state

বৰপেটা বৈদ্যুতিক চক্ৰৰ কাৰ্যালয়ত এপিডিচিএল কৰ্তৃপক্ষৰ সংবাদমেল

author img

By

Published : Mar 17, 2021, 8:40 AM IST

Updated : Mar 17, 2021, 10:30 AM IST

একাংশ গ্ৰাহকে অস্বাভাৱিক পৰিমাণৰ বিদ্যুৎ বিল লাভ কৰা অভিযোগ সন্দৰ্ভত বৰপেটা বৈদ্যুতিক চক্ৰৰ কাৰ্যালয়ত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ সংবাদমেল ৷ সংবাদমেলত গ্ৰাহকৰ সুবিধাৰ্থে মুকলি কৰা হয় এটা বিশেষ এপ, যাৰ দ্ধাৰা গ্ৰাহকে লাভ কৰিব পাৰিব বহু সুবিধা ৷

গ্ৰাহকৰ সমস্যা সমাধানৰ বাবে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ মুকলি এপ

বৰপেটা ১৬ মাৰ্চ: শেহতীয়াভাৱে গ্ৰাহক ৰাইজৰ সুবিধাৰ্থে গ্ৰহণ কৰা কেতবোৰ নতুন পদক্ষেপৰ লগতে বিভাগীয় কৃতিত্ব সন্দৰ্ভত সংবাদ মাধ্যমক সম্বোধন এপিডিচিএল কৰ্তৃপক্ষৰ ৷ মংগলবাৰে বৰপেটা বৈদ্যুতিক চক্ৰৰ কাৰ্যালয়ত অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এপিডিচিএল কৰ্তৃপক্ষই সম্বোধন কৰে এখন সংবাদমেল ৷

উল্লেখ্য যে, একাংশ গ্ৰাহকে অস্বাভাৱিক পৰিমাণৰ বিদ্যুৎ বিল লাভ কৰা অভিযোগ সন্দৰ্ভত নতুন ব্যৱস্থা গ্ৰহণ কৰিছিল এপিডিচিএল কৰ্তৃপক্ষই ৷ যাৰ বাবে সম্বোধন কৰা হৈছিল এই সংবাদমেল ৷ এই সংবাদমেলক জৰিয়তে উচ্চ তথা অস্বাভাৱিক পৰিমাণৰ বিল লাভ কৰা সকলৰ সমস্যা শীঘ্ৰে সমাধানৰ আশ্বাস প্ৰদান কৰে শক্তি বিতৰণ কোম্পানীটোৱে ৷ ভুক্তভোগী সকলক সংশ্লিষ্ট বিদ্যুৎ কাৰ্যালয়ৰ লগতে এপিডিচিএলৰ গ্ৰাহক সম্পৰ্ক বিভাগৰ সৈতে যোগাযোগৰো পৰামৰ্শ দিয়া হয় ৷

বৰপেটা বৈদ্যুতিক চক্ৰৰ কাৰ্যালয়ত এপিডিচিএল কৰ্তৃপক্ষৰ সংবাদমেল

আনহাতে, যি কোনো অভিযোগৰ নিষ্পত্তি নোহোৱালৈকে ঘৰ অথবা প্ৰতিষ্ঠানত কোনো কাৰণতে বিদ্যুৎ কৰ্তন নকৰাৰ প্ৰতিশ্ৰুতি প্ৰদান এপিডিচিএল কৰ্তৃপক্ষৰ ৷ সংবাদমেলত এপিডিচিএল কৰ্তৃপক্ষই সদৰী কৰা মতে, যোৱা ১ জানুৱাৰীৰ পৰা মুকলি হোৱা অনলাইন পদ্ধতিৰ জৰিয়তে নতুন গ্ৰাহকে ঘৰত বহিয়েই নতুন বিদ্যুৎ সংযোগৰ বাবে আবেদন কৰিব পাৰিব ৷ ইংৰাজী নতুন বছৰৰ পৰা মুকলি হোৱা 'এপিডিচিএল ইজিপে' নামৰ মোবাইল এপৰ জৰিয়তে এপিডিচিএলৰ কৰ্তৃত্বশীল এজেণ্টক গ্ৰাহকে বিদ্যুৎ বিলৰ ধন জমা দিব পাৰিব ৷

ইফালে গ্ৰাহকৰ সুবিধাৰ্থে প্ৰযুক্তি নিৰ্ভৰ 'ই-সুবিধা' ব্যৱস্থাৰো প্ৰচলন কৰিছে এপিডিচিএল কৰ্তৃপক্ষই ৷ এই ব্যৱস্থাৰ জৰিয়তে এ পি ডি চি এলৰ কৰ্মী সকলে গ্ৰাহকৰ চকুৰ সন্মুখতে বিল প্ৰস্তুত কৰিব পাৰিব ৷ ইপিনে, কৃত্ৰিম বুদ্ধিমত্তা প্ৰয়োগেৰে জানুৱাৰী মাহৰ পৰা 'এপ'ৰ জৰিয়তে গ্ৰাহকৰ মিটাৰ ৰিডিং সংগ্ৰহৰ ব্যৱস্থাও কৰা হৈছে ৷

সংবাদমেলত এপিডিচিএল কৰ্তৃপক্ষৰ আন কেতবোৰ কৃতিত্ব আৰু সাফল্যৰ বিষয়েও কিছু আভাষ দাঙি ধৰে ৷ সংবাদমেলখনত এপিডিচিএলৰ গ্ৰাহক সম্পৰ্ক বিভাগৰ মহাপ্ৰৱন্ধক লোকনাথ চৌধুৰী,মুখ্য মহাপ্ৰৱন্ধক অভিজত শৰ্মা বৰুৱা,অৱসৰপ্ৰাপ্ত মুখ্য মহাপ্ৰৱন্ধক নিৰ্মলজিৎ দাস,বৰপেটা বৈদ্যুতিক চক্ৰৰ মুখ্য কাৰ্যবাহী বিষয়া জগদীশ বৈশ্য, বৰপেটা আৰু পাঠশালা বৈদ্যুতিক সংমণ্ডলৰ সহকাৰী মহাপ্ৰৱন্ধক ক্ৰমে চন্দ্ৰধন দাস আৰু গৌৰাংগলাল পাঠকে অংশগ্ৰহণ কৰে ৷

অন্য এক খবৰৰ বাবে: বিপিএফৰ তালিকাত চতুৰ্থবাৰৰ বাবে স্থান লাভ কৰিলে চন্দন ব্ৰহ্মই

Last Updated : Mar 17, 2021, 10:30 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.