ETV Bharat / state

বৰপেটাৰ সৰভোগত যুৱকৰ মৃতদেহ উদ্ধাৰ - সৰভোগ

সৰভোগত শনিবাৰে খেতি পথাৰৰ পৰা উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷

ONE YOUTH DEADBODY RECOVERED AT BARPETA
বৰপেটাৰ সৰভোগত এজন যুৱকৰ মৃত দেহ উদ্ধাৰ
author img

By

Published : Aug 22, 2020, 7:35 PM IST

বৰপেটা, 22 আগষ্টঃ বৰপেটাৰ সৰভোগত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ ৷ উক্ত মৃতদেহটো সৰভোগৰ খুদনাবাৰী গাঁৱৰ আলিম উদ্দিনৰ পুত্ৰ ৰফিকুল ইছলাম (18)বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, চলিত মাহৰ 17 আগষ্টৰ পৰা নিৰুদ্দেশ হৈ আছিল ৰফিকুল ইছলাম নামৰ যুৱকজন ৷ ইফালে পৰিয়ালে বিচাৰ খোচাৰ কৰিয়ো কোনো খবৰ নোপোৱাত সৰভোগ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল ৷

বৰপেটাৰ সৰভোগত এজন যুৱকৰ মৃত দেহ উদ্ধাৰ

ইফালে শনিবাৰে খুদনাবাৰী পথাৰত থকা মৰাপাট খেতিৰ মাজৰ পৰা যুৱক জনৰ মৃতদেহ উদ্ধাৰ হয় ৷ যুৱক জনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই স্থানীয় ৰাইজে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ ইতিমধ্যে ঘটনাস্থলীত সৰভোগ আৰক্ষী উপস্থিত হৈ যুৱক জনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰিছে ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

আনহাতে হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত ইতিমধ্যে ছাদ্দাম হুছেইন নামৰ এজন যুৱকক আটক কৰিছে আৰক্ষীয়ে ৷ ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷

লগতে পঢ়ক- কৰিমগঞ্জত চোৰাং গৰু সৰবৰাহকাৰীক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.