ETV Bharat / state

বজালীৰ মহাৰাণীক কণ্টেইনমেণ্ট জ’ন ঘোষণা প্ৰশাসনৰ - সমগ্র এখন গাঁও কনটেইনমেন্ট জন ঘোষণা

বজালীত এটাৰ পিছত এটাকৈ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে জিলা প্ৰশাসনে । জিলাখনৰ মহাৰাণীত ৭ জন লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ পিছত সোমবাৰে সমগ্র গাঁৱখনকে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰে জিলা প্ৰশাসনে ।

বজালীৰ মহাৰাণীক কণ্টেইনমেণ্ট জ’ন ঘোষণা প্ৰশাসনৰ

author img

By

Published : May 25, 2021, 7:14 AM IST

Updated : May 25, 2021, 7:22 AM IST

পাঠশালা,25 মে’: সমগ্ৰ ৰাজ্যৰ লগতে বজালী জিলাতো কৰ’ণা মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ জিলাখনত শেহতীয়াকৈ এহেজাৰতকৈও অধিক লোক ক’ভিডত আক্ৰান্ত হোৱাৰ উপৰিও ১৬ জন লোক মৃত্যুমুখত পৰিছে । এইক্ষেত্ৰত জিলা প্ৰশাসন যথেষ্ট সষ্টম হোৱা দেখা গৈছে ।

উল্লেখযোগ্য যে, জিলাখনত শেহতীয়াকৈ আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতে এটাৰ পিছত এটাকৈ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে বজালী জিলা প্ৰশাসনে । সোমবাৰে, বজালীৰ মহাৰাণীত ৭ জন লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ পিছত সমগ্র গাঁৱখনকে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰে প্ৰশাসনে ।

বজালীৰ মহাৰাণীক কণ্টেইনমেণ্ট জ’ন ঘোষণা প্ৰশাসনৰ

ইফালে, জিলাখনৰ ৰাজহ চক্ৰ বিষয়া ড৹ সংগীতা শৰ্মাৰ নেতৃত্বত চিকিৎসা বিভাগৰ এটা দলে গাঁৱখনৰ সকলো লোকৰ ক’ভিড টেষ্টৰ ব্যৱস্থা কৰে । ইয়াৰ পিছত গাঁৱখনত আক্ৰান্ত লোকৰ সংখ্যা 14 জনলৈ বৃদ্ধি পায় ৷

এই ঘটনাৰ পিছত ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে সমগ্ৰ বজালীবাসীক ক’ভিড টেষ্ট কৰিবলৈ আহ্বান জনায় । ইয়াৰ লগতে তেওঁ চৰকাৰে দিয়া নীতি-নিয়মসমূহ মানি চলিলে অনাগত দিনত সোনকালে মহামাৰীৰ পৰা পৰিত্ৰাণ পোৱা সম্ভৱ হ’ব বুলি মন্তব্য প্ৰকাশ কৰে । লগতে প্ৰশাসনৰ তৰফৰ পৰা কণ্টেইনমেণ্ট জ’নত থকা গাঁৱসমূহত খাদ্য বস্তুৰ যোগান ধৰাৰ উপৰিও ৰাইজৰ অসুবিধা নোহোৱাকৈ সকলো ব্যৱস্থা কৰি দিয়া হ’ব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: অখিল গগৈ মানসিক ৰোগী: কিয় ক’লে হিমন্ত বিশ্ব শৰ্মাই ?

Last Updated : May 25, 2021, 7:22 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.