ETV Bharat / state

বৰপেটা মেডিকেল কলেজ হাস্পতালৰ উপ অধীক্ষক কৰ’ণাত আক্ৰান্ত

বৰপেটা মেডিকেল কলেজ হাস্পতালৰ উপ অধীক্ষক কৰ’ণাত আক্ৰান্ত ৷ চিকিৎসকজন বৰপেটা মেডিকেল কলেজ হাস্পতালৰ উপ অধীক্ষক ডাঃ হৰ্ষজিৎ পাঠক ৷ ক'ভিডৰ দুয়োটা প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছতো কৰ’ণাত আক্ৰান্ত হৈছে চিকিৎসকজন ৷

বৰপেটা মেডিকেল কলেজ হাস্পতালৰ উপ অধীক্ষক কৰ’ণাত আক্ৰান্ত
বৰপেটা মেডিকেল কলেজ হাস্পতালৰ উপ অধীক্ষক কৰ’ণাত আক্ৰান্ত
author img

By

Published : Apr 23, 2021, 2:32 PM IST

বৰপেটা,23 এপ্ৰিল : ৰাজ্যত দিনকদিনে বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্তৰ সংখ্যা । শেহতীয়াকৈ ক'ভিডৰ প্ৰতিষেধক লোৱাৰ পাছতো আক্ৰান্ত হৈছে এজন চিকিৎসক ৷ উল্লেখযোগ্য যে, চিকিৎসকজন বৰপেটা মেডিকেল কলেজ হাস্পতালৰ উপ অধীক্ষক ডাঃ হৰ্ষজিৎ পাঠক ৷ ক'ভিডৰ দুয়োটা প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছতো কৰ’ণাত আক্ৰান্ত হৈছে চিকিৎসকজন ৷ জানিব পৰা মতে, ডাঃ পাঠকৰ বৃহস্পতিবাৰৰ পৰা শৌচৰ ৰোগত ভুগি আছিল কিন্তু শুকুৰবাৰে তেওঁৰ ক’ভিড পৰীক্ষাত কৰ’ণা পজিটিভ বুলি চিহ্নিত হয় ৷

উল্লেখ্য যে, বৃহস্পতিবাৰৰ দিনটোত বৰপেটাত নতুনকৈ কৰ’ণাত আক্ৰান্ত হয় 51 গৰাকীকৈ লোক ৷ বৰ্তমানলৈকে জিলাখনত কৰ’ণাত আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা 255 গৰাকীলৈ বৃদ্ধি পাইছে ৷ আনহাতে বৰপেটা জিলাত এতিয়ালৈকে 97,731 গৰাকী লোকে কৰ’ণা প্ৰতিষেধক লয় ৷ জিলাখনত এই পৰ্যন্ত মুঠ 25433 গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰা হয় ৷ বৰপেটা জিলাত এতিয়ালৈ 32000 কৰ’ণা প্ৰতিষেধক মজুত আছে ৷

লগতে পঢ়ক : ধুবুৰীত 84 জনলৈ বৃদ্ধি ক'ৰণাক্ৰান্ত ৰোগীৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.