ETV Bharat / state

বৰপেটাৰোডত 12 কিলো ব্ৰাউন চুগাৰসহ এজন গ্ৰেপ্তাৰ - বৰপেটাৰোড আৰক্ষী থানা

এক গোপন সূত্ৰৰ ভিত্তিত বৰপেটাৰোড আৰক্ষীয়ে ব্ৰাউন চুগাৰ সহ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ pব্দ হৈছে প্ৰায় 12 কিলোগ্ৰাম ব্ৰাউন চুগাৰ ৷

বৰপেটাৰোডত 12 কিলো ব্ৰাউন চুগাৰ সহ এজন গ্ৰেপ্তাৰ

author img

By

Published : Oct 10, 2021, 8:23 PM IST

বৰপেটাৰোড, 10 অক্টোবৰ : বৰপেটাৰোড আৰক্ষীয়ে অভিযান চলাই দেওবাৰে 12 কিলো 600 গ্ৰাম ব্ৰাউন চুগাৰ সহ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম লিয়াকত আলী আৰু তেওঁৰ ঘৰ ভৱানীপুৰৰ শুকমানাহত বুলি জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে, এক গোপন সূত্ৰৰ ভিত্তিত সৰভোগৰ পৰা দুজন লোকে AS-28-A-0443 নম্বৰ এখন দুচকীয়া বাহনৰে ব্ৰাউন চুগাৰখনি কঢ়িয়াই বৰপেটাৰোড অভিমুখে আহি আছে বুলি বৰপেটাৰোড আৰক্ষীয়ে উমান পাইছিল ৷

বৰপেটাৰোডত 12 কিলো ব্ৰাউন চুগাৰ সহ এজন গ্ৰেপ্তাৰ
বৰপেটাৰোডত 12 কিলো ব্ৰাউন চুগাৰ সহ এজন গ্ৰেপ্তাৰ

সেইমৰ্মে বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিৎ বৰুৱাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সাতভনীৰটোপত নাকা চেকিং আৰম্ভ কৰে ৷ সেইসময়ত ব্ৰাউন চুগাৰ সৰবৰাহ কৰা লোকদুজন আৰক্ষীক প্ৰত্যক্ষ কৰি পলায়ন কৰিবলৈ চেষ্টা চলাইছিল যদিও আৰক্ষীয়ে লিয়াকত আলীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

ধৃত লিয়াকত আলীৰ পৰা আৰক্ষীয়ে এটা মোবাইল ফোন, নগদ 34900 টকা আৰু বাইকখন জব্দ কৰিবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে, ধৃত লিয়কত আলী পূৰ্বেও ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত আছিল বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে ৷ সম্প্ৰতি বৰপেটাৰোড আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সৰ্ন্দভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃ প্ৰতিমাবিহীন এখন ঐতিহাসিক দুৰ্গা পূজা; ৰাম কলগছক পূজন দেৱীৰূপে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.