বৰপেটা, ১৪ মাৰ্চঃ বৰপেটাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ লাইন হোটেলত চলিছে পেট্ৰ'ল, ডিজেল আৰু কেৰাচিন তেলৰ চোৰাং বেহা ৷ তেল সৰবৰাহ কৰা টেংকাৰৰ পৰা পেট্ৰ'ল চুৰি কৰি বিক্ৰী কৰা অৱস্থাত গ্ৰেপ্তাৰ দুজন টেংকাৰ চালক ৷ টেংকাৰ চালক দুজন যোৰহাট জিলাৰ টীয়কৰ পুৰনি লুৰফুৰীয়া গাঁৱৰ মানসজ্যেতি গগৈ ৷ গ্ৰেপ্তাৰ আনজন টেংকাৰ চালক চিৰাং জিলাৰ ঢালিগাঁৱৰ বাইখাৰ চাবেদ আলী ৷
টেংকাৰ দুখনত ঢালিগাঁৱস্থিত ৰিফাইনেৰীৰ পৰা যোৰহাটলৈ পেট্ৰ'ল কঢ়িয়াই নি আছিল ৷ বৰপেটাৰ হাউলীৰ ইটাৰভিঠাৰ এখন লাইন হোটেলত দুই টেংকাৰ চালকে চোৰাংভাৱে পেট্ৰ'ল বিক্ৰী কৰি থকা কাৰ্যৰ বিৰুদ্ধে বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকাৰ নেতৃত্বত চলিছিল আৰক্ষীৰ অভিযান ৷ এই অভিযানতে আৰক্ষীয়ে NL-01-L-0922 আৰু AS-26-C-4705 নম্বৰৰ টেংকাৰ দুখনৰ চালক দুজনক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰা হৈছে টেংকাৰ দুখন ৷
আনহাতে, লাইন হোটেলখনৰ পৰা জব্দ কৰা হৈছে চোৰাং পেট্ৰ'ল, ডিজেল আৰু কেৰাচিনতেল ভৰ্তি ২৬ টা ড্ৰাম ৷ ইপিনে চোৰাং পেট্ৰ'ল ক্ৰয়ৰ সৈতে জড়িত হাউলী বৰবালাৰ মইনুল হক আৰু মিজানুৰ ৰহমানৰ লগতে ইটাৰভিঠা গাঁৱৰ ডিম্বে দাস পলাই যাবলৈ সক্ষম হয় ৷ এই ঘটনাক লৈ বৰপেটাত সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ বিশেষকৈ টেংকাৰৰ পৰা তেল চুৰি কৰি থকা সময়ত ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাত উদ্বিগ্নতা প্ৰকাশ কৰিছে স্থানীয় লোকে ৷
আৰু পঢ়কঃ মৰ্মান্তিকঃ ওদালগুৰিত কইনা থ'বলৈ গৈ প্ৰাণ গ'ল ৫ জনৰ