ETV Bharat / state

কি স্বীকাৰোক্তি দিলে আৰবী কলেজৰ অধ্যক্ষ নাকভিয়ে? - BARPETA

বাধ্যত পৰি হাৱালা চক্ৰৰ সৈতে জড়িত হোৱা বুলি প্ৰকাশ অধ্যক্ষগৰাকীৰ ৷ হাৱালা বিষয়টো অপৰাধ বুলি জানিলে এনে কাৰ্যত লিপ্ত নহ'লহেঁতেন বুলি মন্তব্য কৰে নুৰুল ইছলাভ নাকভিয়ে ৷

PATHSALA_HAWALAYA
author img

By

Published : May 19, 2019, 9:48 PM IST

বৰপেটা , 19 মে' : হাৱালা চক্ৰৰ সৈতে জড়িত থকাৰ কথা স্বীকাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা বৰপেটাৰ জামিয়া ইছলামিয়া চালাফিয়া আৰবী কলেজৰ অধ্যক্ষ নুৰুল ইছলাম নাকভিৰ ৷ বাধ্যত পৰি হাৱালা চক্ৰৰ সৈতে জড়িত হোৱা বুলি প্ৰকাশ অধ্যক্ষগৰাকীৰ ৷ হাৱালা বিষয়টো অপৰাধ বুলি জানিলে এনে কাৰ্যত লিপ্ত নহ'লহেঁতেন বুলি মন্তব্য কৰে নুৰুল ইছলাভ নাকভিয়ে ৷ পাঠশালা স্বাস্থ্যকেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰাৰ পাচত এই মন্তব্য কৰে নাকভিয়ে ৷

উল্লেখযোগ্য যে হাৱালাৰ জৰিয়তে দেশ-বিদেশৰ পৰা আৰবী কলেজখনলৈ ধন অহাৰ অভিযোগত আৰক্ষীয়ে শনিবাৰে আটক কৰিছিল বৰপেটা জিলাৰ হাউলীৰ"জামিয়া ইছলামিয়া চালাফিয়া আৰবী কলেজৰ" অধ্যক্ষ নুৰুল ইছলাম নাকভিক ৷ অধ্যক্ষ নাকভিৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ধন জব্দ কৰাৰ লগতে কলেজখনৰ পৰা বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জব্দ কৰে ৷

হাৱালাত জড়িত থকাৰ কথা স্বীকাৰ নুৰুল ইছলাম নাকভিৰ

"জামিয়া ইছলামিয়া চালাফিয়া আৰবী কলেজৰ" চৌহদটো 62 বিঘা মাটিৰে আগুৰা এক বৃহৎ অঞ্চলত আৱৰি আছে ৷ 2001 চনত স্থাপিত কলেজখনত পঢ়িবলৈ আহে পশ্চিমবংগ-মালদাহ আদিৰ ছাত্ৰ ৷ ইয়াৰোপৰি আৰবী কলেজখনত এগৰাকী নেপালৰো শিক্ষয়ত্ৰী আছে ৷ ইপিনে নাকভিৰ পিতৃ জামালউদ্দিন চালাফিয়ে কলেজখন প্ৰতিষ্ঠাৰ সৈতে জড়িত বহু তথ্য প্ৰকাশ কৰে ৷ তেওঁ জনোৱা অনুসৰি আৰবী কলেজখনলৈ কুৱেইটৰ হাৱালাৰ জৰিয়তে দেশ-বিদেশৰ পৰা ধন আহে ৷ নাকভি সম্পৰ্কে তেওঁৰ পিতৃয়ে জনোৱা অনুসৰি আৰবী বিষয়ত নাকভিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সোণৰ মেডেল লাভ কৰিছিল ৷ গুৱাহাটী বিশ্ববিদ্যালয়তো আৰবী বিষয়ত কিছুদিন অস্থায়ীভাৱে অধ্যাপনা কৰিছিল নাকভিয়ে ৷ ইয়াৰোপৰি শিলচৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়তো পঢ়ুৱাইছিল নাকভিয়ে ৷

Intro:PATHSALA_HAWALAYA SEAME

হাৱালাত জড়িত নুৰুল ইছলাম নাকভী ৰ ETV Bharat assam ৰ আগত বিস্ফোৰক স্বীকাৰোক্তি ll
হাৱালা ত জড়িত থকাৰ কথা স্বীকাৰ ll
হাৱালা বিষয় টো অপৰাধ বুলি জানিলে এনে কাৰ্য্য ত লিপ্ত নহল হেতেন বুলি স্বীকাৰ ll
বাধ্য হৈ এই কাম্ কৰা বুলি স্বীকাৰ ll
পাঠশালা স্বাস্থ্য কেন্দ্ৰ ত তেওঁৰ স্বাস্থ্য পৰীক্ষা llBody:PATHSALA_HAWALAYA SEAME

পাটাছাৰকুছি,১৮মে: বৰপেটাৰ হাউলীৰ জামিয়া ইছলামিয়া চালাফিয়া আৰবী কলেজৰ অধ্যক্ষ নুৰুল ইছলাম নাকভিক আটকঃ

বৰপেটাৰ হাউলীৰ জামিয়া ইছলামিয়া চালাফিয়া আৰবী কলেজৰ অধ্যক্ষ নুৰুল ইছলাম নাকভিক আটক কৰাৰ লগতে জব্দ কেতবোৰ গুৰুত্বপূৰ্ণ নথি ৷

কলেজখনৰ পৰা জব্দ বহু গুৰুত্বপূৰ্ণ নথি ৷

ইপিনে ২০০১ চনত স্থাপিত কলেজখনত পঢ়িবলৈ পশ্চিমবংগৰ মালদহ আদিৰ পৰাও আহে ছাত্ৰ ৷

হাৱালাৰ জৰিয়তে দেশ বিদেশৰ পৰা ধন অহাৰ কথা স্বীকাৰ কলেজখন প্ৰতিষ্ঠাৰ সৈতে জড়িত নাকভিৰ পিতৃৰ ৷

আটকাধীন নাকভিৰ পিতৃ জামালউদ্দিন চালাফিয়ে জনালে বিদেশৰ পৰা ধন আহে আৰবী কলেজখনলৈ ৷

৬২ বিঘা মাটিৰে আগুৰা এক বৃহৎ এলেকাজুৰি আছে কলেজচৌহদ ৷

নাকভি সম্পৰ্কেও তথ্য পিতৃৰ ৷
আৰবী বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গোল্ড মেডেল লাভ কৰিছিল ৷

গুৱাহাটী বিশ্ববিদ্যালয়তো আৰবী বিষয়ত কিছুদিন পাৰ্ট টাইম অধ্যাপনা কৰিছিল নাকভীয়ে ৷

শিলচৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়তো পঢ়ুৱাইছিল নাকভিয়ে ৷

ইপিনে আৰবী কলেজখনত আছে অগৰাকী নেপালৰো শিক্ষয়ত্ৰী ৷

আটক কৰাৰ সময়ত তেওৰ সৈতে উদ্ধাৰ হোৱা ৮ লাখ ৪৫ হাজাৰ টকাক লৈ আৰক্ষীৰ চাঞ্চল্যকৰ তথ্য ৷

কুৱেইটৰ পৰা হাৱালাৰ জৰিয়তে বৰপেটাৰ হাউলীৰ আৰবী কলেজলৈ আহিছিল ধন ৷Conclusion:বাইট- ১
ভিডিঅ'-২

ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.