জনিয়া, 7 জুনঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বানিয়াৰাপাৰা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে নূৰনৱী আজাদ নামৰ ছাত্ৰ গৰাকীয়ে ৷ ইয়াৰোপৰি নূৰনৱীয়ে পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে দৰিদ্ৰতা যে পঢ়াৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে ৷ নূৰনৱীৰ পিতৃয়ে কেৰালাত দিন হাজিৰা কৰি পৰিয়াল পোহ-পাল কৰি আহিছে ৷ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰ নূৰনৱীয়ে বানিয়াৰাপাৰা ঝংকাৰ জাতীয় বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৷
প্ৰতিটো বিষয়তে লেটাৰ মাৰ্কসহ ডিষ্টিংশ্যন পোৱা নূৰনৱীৰ পিতৃয়ে এই সুখবৰ লাভ কৰাৰ পিচতো আবদ্ধ হৈ থাকিবলগীয়া হৈছে কেৰালাত ৷ ছাত্ৰগৰাকীৰ এই কৃতিত্বত ঝংকাৰ জাতীয় বিদ্যালয়ৰ লগতে উৎফুল্লিত হৈ পৰিছে গাঁওবাসীও ৷ ভবিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন মনত পুহি ৰাখিছে নূৰনৱীয়ে ৷