বৰপেটা,১৪ ফেব্ৰুৱাৰী: অবড়ো সুৰক্ষা সমিতিৰ উদ্যোগত গঠন হোৱা নৱ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীৰ সৈতে সম্পৰ্ক নাই অবড়ো সুৰক্ষা সমিতিৰ ৷ গণ সুৰক্ষা পাৰ্টীৰ পৰিৱৰ্তে বিধানসভা নিৰ্বাচনত বিটিচিৰ ১২টা সমষ্টিত অবড়ো সুৰক্ষা সমিতিৰ বেনাৰত ঠিয় কৰোৱা হ'ব প্ৰাৰ্থী ৷
দেওবাৰে বৰপেটাৰ হাউলীৰ এইচ বি গেষ্ট হাউচত সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে অবড়ো সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক মাধৱ ৰাজবংশীয়ে ৷ ইয়াৰোপৰি অবড়ো সুৰক্ষা সমিতিৰ এই কাৰ্যনিৰ্বাহক সভাত লোৱা হয় বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ ৷
সভাত সমগ্ৰ বিটিচিৰ পৰা ট্ৰাইবেল বেল্ট আৰু ব্লক উঠাই দিয়াৰ দাবী জনাই ১৮৮৬ চনৰ ভূমি আইনৰ ১০ নং দফা সংশোধনেৰে বেল্ট আৰু ব্লকত বাস কৰা অজনজাতীয় লোকক ভূমি পট্টা প্ৰদান কৰিবলৈ দাবী জনায় অবড়ো সুৰক্ষা সমিতিয়ে ৷ তদুপৰি বিধানসভা নিৰ্বাচনত আন কোনো ৰাজনৈতিক দলক সমৰ্থন নকৰাৰ কথাও ঘোষণা কৰে অবড়ো সুৰক্ষা সমিতিয়ে ।
অবড়ো সুৰক্ষা সমিতিয়ে বিটিচি অঞ্চলৰ ১২ টা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ লগতে সৰভোগ আৰু ভৱানীপুৰ বিধান সভা সমষ্টিতো নিজাববীয়াকৈ প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলি ঘোষণা কৰে । টিকট লাভৰ বাবে প্ৰাৰ্থীসকলক অহা ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন জনাবলৈ আহ্বান জনায় অবড়ো সুৰক্ষা সমিতিৰ ৷
লক্ষণীয়ভাৱে জিএছপিয়ে যদিহে আগন্তুক নিৰ্বাচনত অবড়ো সুৰক্ষা সমিতিক সমৰ্থন জনায় তেন্তে দলটেৰ সৈতে মিত্ৰতা হ’ব পাৰে বুলি কয় অবড়ো সুৰক্ষা সমিতিয়ে ৷
আনহাতে, বিটিচি নিৰ্বাচনৰ পিছতে অবড়ো সুৰক্ষা সমিতিৰ সৈতে অসম চৰকাৰে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ যি প্ৰতিশ্ৰুতি দিছিল সেয়া কাৰ্যকৰী নকৰা বুলি ক্ষোভ প্ৰকাশ কৰে অবড়ো সুৰক্ষা সমিতিয়ে ৷ অসম চৰকাৰে বিটিচিৰ পৰিষদ, ভাৰত চৰকাৰৰ প্ৰতিনিধি, বিটিচিৰ অবড়ো সংগঠনৰ প্ৰতিনিধিৰ সৈতে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি পালন নকৰাৰ বাবেই সমাগত বিধানসভা নিৰ্বাচনত অবড়ো সুৰক্ষা সমিতিয়ে নিজাববীয়াকৈ প্ৰাৰ্থী থিয় কৰাই বিটিচিত অবড়ো ৰাইজৰ শক্তি প্ৰতিপন্ন কৰিব বুলিও শাসনাধিষ্ঠিত বিজেপি চৰকাৰক সকিয়নী দিয়ে অবড়ো সুৰক্ষা সমিতিয়ে ৷
লগতে পঢ়কঃ ২৫ ফেব্ৰুৱাৰীত বটদ্ৰৱালৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ