ETV Bharat / state

জনীয়াত ধোঁৱা চাঙত উঠিল ক'ভিড প্ৰট'কল - জনীয়া

কৰ'ণা মহামাৰীয়ে সংহাৰীৰূপ লোৱা সময়তেই জনীয়াৰ সাপ্তাহিক বজাৰত একাংশ স্থানীয় ব্যৱসায়ীৰ লগতে গ্ৰাহক সকলেও পৰিধান কৰা নাই মাস্ক ৷ ক'ভিড প্ৰট'কল অমান্য কৰি একাংশ অচেতন লোকে বজাৰখনত ভীৰ কৰা পৰিলক্ষিত হৈছে ৷

No Mask No Social Distance as jania
জনীয়াত ধোঁৱা চাঙত উঠিল ক'ভিড প্ৰট'কল
author img

By

Published : Apr 27, 2021, 9:07 PM IST

জনীয়া,27এপ্ৰিল: সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যতো কৰ'ণা মহামাৰীয়ে সৃষ্টি কৰিছে এক আতংকময় পৰিস্থিতিৰ ৷ এই ৰোগ প্ৰতিৰোধ কৰিবলৈ চৰকাৰ-প্ৰশাসনে প্ৰত্যেকজন লোকেই মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰখাতো বাধ্যতামূলক কৰিছে ৷ ইয়াৰ বিপৰীতে বৰপেটা জিলাৰ জনীয়া সাপ্তাহিক বজাৰত দেখা পোৱা গ'ল এক বিপৰীত দৃশ্য।

জনীয়াত ধোঁৱা চাঙত উঠিল ক'ভিড প্ৰট'কল

বৰপেটা জিলাত ক'ভিড পজিটিভৰ সংখ্যা বাঢ়ি একেদিনাই শতাধিক লোক আক্ৰান্ত হোৱাৰ পাছতেই মঙলবাৰৰ পৰা জিলাখনৰ মজলীয়া বিদ্যালয় সমূহ বন্ধৰ নিৰ্দেশ জাৰি কৰাৰ লগতে সান্ধ্য আইন ঘোষণা কৰিছে প্ৰশাসনে। কিন্তু জিলাখনৰ বিভিন্ন সাপ্তাহিক বজাৰত একাংশ ব্যৱসায়ী আৰু গ্ৰাহকে কভিড প্ৰটকল অমান্য কৰি অহা পৰিলক্ষিত হৈছে ৷ তাৰোপৰি প্ৰতি মঙ্গলবাৰে অনুষ্ঠিত হোৱা জনীয়া সাপ্তাহিক বজাৰলৈ অহা একাংশ ব্যৱসায়ী তথা গ্ৰাহকে মাক্স পৰিধান নকৰাৰ উপৰিও ৰখা নাই সামাজিক দূৰত্ব ।

উল্লেখ্য যে সোমাবাৰৰ দিনটোত বৰপেটা জিলাখনত ১২৯ জনকৈ লোকৰ দেহত ধৰা পৰিছে ক'ভিড-19 ৰ উপস্থিতি।

লগতে পঢ়ক-কলিয়াবৰত নতুনকৈ ১৪ গৰাকী লোক কৰ'ণাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.