ETV Bharat / state

Protest in Jania: মৰা নদীৰ ওপৰত কাঠৰ দলং নিৰ্মাণৰ দাবীত প্ৰতিবাদ - Nikhil Bharat Krishak Sabha

নিখিল ভাৰত কৃষক সভা ৰূপসী আঞ্চলিক সমিতিৰ উদ্যোগত হালধীয়া গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ অৱস্থান ধৰ্মঘট । ৰহা উজানপাৰা মৰা নদীৰ ওপৰত কাঠৰ দলং নিৰ্মাণ কৰাৰ দাবীৰে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ । দলং নিৰ্মাণ নকৰিলে অনিৰ্দিষ্টকালীন ধৰ্মঘট ৰূপায়ণৰ হুংকাৰ (Nikhil Bharat Krishak Sabha Protest) ।

Nikhil Bharat Krishak Sabha Protest
দলং নিৰ্মাণৰ দাবীত অৱস্থান ধৰ্মঘট
author img

By

Published : Apr 11, 2023, 4:29 PM IST

নিখিল ভাৰত কৃষক সভা ৰূপসী আঞ্চলিক সমিতিৰ উদ্যোগত অৱস্থান ধৰ্মঘট

বৰপেটা, 11 এপ্ৰিল: নিখিল ভাৰত কৃষক সভা ৰূপসী আঞ্চলিক সমিতিৰ উদ্যোগত হালধীয়া গাঁও পঞ্চায়তৰ কাৰ্যালয়ত অৱস্থান ধৰ্মঘট ৷ হালধীয়া গাঁও পঞ্চায়তৰ কাৰ্যালয়ত দলং নিৰ্মাণৰ দাবীত আজি নিখিল ভাৰত কৃষক সভা ৰূপসী আঞ্চলিক সমিতিৰ উদ্যোগত ৰূপায়ন কৰা হয় অৱস্থান ধৰ্মঘট (Nikhil Bharat Krishak Sabha Protest in Kalgachia) ৷

স্বাধীনতাৰ ৭৫ বছৰ পাৰ হোৱাৰ পিছতো উন্নয়নে ঢুকি নোপোৱা এখন গাঁও ৷ উন্নয়নে আজিও ঢুকি নোপোৱা জনীয়াৰ সমষ্টিৰ উজনপাৰা গাঁও ৷ জানিব পৰা মতে এই গাঁওখনত ৰাইজৰ দীৰ্ঘদিনীয়া এখন কাঠৰ দলংৰ দাবী কোনো এজন জনপ্ৰতিনিধিয়ে বৰ্তমানলৈকে পূৰণ কৰিবলৈ সক্ষম হোৱা নাই ৷ দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰাৰ দিনত ৰহাৰ উজনপাৰা চৰ সংযোগী ৰাইজৰ যাতায়তৰ বাবে দীৰ্ঘদিনীয়া কাঠৰ দলংৰ দাবী আজিলৈকে পূৰণ নহ’ল (Nikhil Bharat Krishak Sabha Protest) ৷

উন্নয়নৰ ঢোল বজোৱা বিজেপি নেতৃত্বাধীন চৰকাৰৰ শাসনকালত ৰহাৰ উজানপাৰা বাসী ৰাইজে এতিয়াও মধ্যযুগীয়া দিন পাৰ কৰিব লগীয়া হৈছে বুলি প্ৰতিবাদকাৰীয়ে অভিযোগ কৰে ৷ এই অঞ্চলৰ ৰাইজে এতিয়াও কলগছৰ ভূৰ নাইবা বাঁহৰ সাঁকোৰে মৰণত শৰণ দি যাতায়ত কৰিব লগীয়া হৈছে (Protest in Jania) ৷

নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধি সকলে চৰবাসী ৰাইজক দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচন পাৰ হোৱাৰ পিচত চৰকাৰ তথা জনপ্ৰতিনিধি কোনোৱে এই ক্ষেত্ৰত ইতিবাচক ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল | ফলত স্কুলীয়া ছাত্ৰ-ছাত্ৰী, বয়োজেষ্ঠ্য ব্যক্তি, প্ৰসূতি, আন ৰোগীয়ে যাতায়তত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগীয়া হৈছে (Protest in Barpeta) ৷

চৰকাৰ আৰু জনপ্ৰতিনিধিৰ এই অৱহেলাৰ বাবে আজি নিখিল ভাৰত কৃষক সভা ৰূপসী আঞ্চলিক সমিতিৰ উদ্যোগত ৰহাৰ উজানপাৰা মৰা নদীৰ ওপৰত কাঠৰ দলং নিৰ্মাণৰ দাবীত দুঘন্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ন কৰে ৷ ৰাইজৰ এই দাবী অতিশীঘ্ৰে পূৰণ নহ'লে পৰৱৰ্তী সময়ত অনিৰ্দিষ্টকালীন ধৰ্মঘট ৰূপায়ণ কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে (Nikhil Bharat Krishak Sabha) ৷

লগতে পঢ়ক: Fraudster Arrested : কলগাছিয়াত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধনৰ হৰলুকি, আটক প্ৰৱঞ্চক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.