ETV Bharat / state

তিনি বজাৰ দহটা শীৰ্ষ বাতৰি...

author img

By

Published : Oct 5, 2021, 2:59 PM IST

তিনি বজাৰ দহটা শীৰ্ষ বাতৰি...

news@3
তিনি বজাৰ দহটা শীৰ্ষ বাতৰি

1.লক্ষীমন ধৰ্মৰ বাৰ্ষিক আধ্যাত্মিক সমাৰোহত মুখ্যমন্ত্ৰী

বোকাখাটৰ লক্ষীমন ধৰ্মৰ বাৰ্ষিক আধ্যাত্মিক সমাৰোহত মঙলবাৰে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । অনুষ্ঠানত অসম বিধানসভাৰ উপাধ্যক্ষ তথা বোকাজান সমষ্টিৰ বিধায়ক ডাঃ নোমল মমিন, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং, নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকে ।

2.উপ-নিৰ্বাচন : তিনি সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা

আগন্তুক উপ-নিৰ্বাচনত গোসাইগাঁৱত জুৱেল টুডু, তামুলপুৰত ভাস্কৰ দাহাল আৰু থাওৰাত মনোৰঞ্জন কোঁৱৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কংগ্ৰেছে । শীঘ্ৰেই প্ৰকাশ পাব মৰিয়নী আৰু ভৱানীপুৰ সমষ্টিৰ বাবে প্ৰাৰ্থী নাম ।

3.DIG ৰৌণক আলি হাজৰিকাক গ্ৰেপ্তাৰ

অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক ৰৌণক আলি হাজৰিকাক গ্ৰেপ্তাৰ ৷ মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ আভিযানত গ্ৰেপ্তাৰ হৈছে আইপিএচ বিষয়াগৰাকী ৷ হেঙেৰাবাৰীস্থিত নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ হোৱা হাজৰিকাৰ বিৰুদ্ধে আছিল আয়তকৈ অধিক ধন থকাৰ গুৰুতৰ অভিযোগ ৷

4.ৰাজ্যৰ লক্ষাধিক লোক খাদ্য সুৰক্ষা আঁচনিৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম

আগন্তুক 31 ডিচেম্বৰৰ ভিতৰত ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড(Adhar Card)ৰ নম্বৰ সংলগ্ন কৰাৰ সময়সীমা । অসমত বহু লোকৰে নাই আধাৰ কাৰ্ড । এন আৰ চি(NRC)কে ধৰি বিদেশী ন্যায়ালয়ত চলি থকা গোচৰৰ বাবে প্ৰায় 40 লাখ লোকে আধাৰৰ বাবে কৰিব পৰা নাই আবেদন । অসমত ‘এক দেশ এক ৰেচন কার্ড’ নীতি প্ৰযোজ্য কৰাত সমস্যাই দেখা দিছে ।

5.হ্ৰাস পালে সোণৰ মূল্য : আজিৰ দিনটোত প্ৰতি 10 গ্ৰাম সোণৰ মূল্য হ’ল ৪৬,৭৯৭ টকা

আপোনাৰ যদি সোণ ক্ৰয় কৰাৰ পৰিকল্পনা আছে তেন্তে পলম নকৰিব, আজিয়েই বজাৰলৈ যাওক আৰু ক্ৰয় কৰক সোণ ৷ কাৰণ আজি ৰেকৰ্ড মূল্যতকৈ হ্ৰাস পাইছে সোণৰ মূল্য ৷

6.দেশত পেট্ৰ'ল-ডিজেলৰ মূল্যৰ অভিলেখ

দেশত পেট্ৰ'ল-ডিজেলৰ মূল্যই অভিলেখ গঢ়িলে । মঙলবাৰৰ দিনটোত দুয়োবিধ ইন্ধনজাত সামগ্ৰীৰ মূল্য পুনৰ বৃদ্ধি হ'ল । দেশৰ ভিতৰতে সৰ্বাধিক পেট্ৰ'ল মূল্য মুম্বাইত প্ৰতি লিটাৰত ১০৮.৬৭ টকা ।

7.এটা ইঞ্জিনযুক্ত ফেৰী সেৱা বন্ধ কৰাতো চৰকাৰৰ এটা ভাল সিদ্ধান্ত: অখিল

এক ইঞ্জিনযুক্ত ফেৰী সেৱা বন্ধ কৰাতো চৰকাৰৰ এটা ভাল সিদ্ধান্ত ৷ এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ ৷ উপ নিৰ্বাচনৰ প্ৰসংগৰে দেওবাৰে দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত উপস্থিত হয় শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ৷ সোমবাৰে মাজুলী যোৰহাট সংযোগী দলঙৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰে অখিল গগৈয়ে ৷ ইয়াৰ পাছতেই গগৈয়ে এক ইঞ্জিনযুক্ত ফেৰী সেৱা বন্ধ কৰাতো চৰকাৰৰ এটা ভাল সিদ্ধান্ত বুলি উল্লেখ কৰে ৷

8.শক্তি বিভাগৰ বিৰুদ্ধে বিপজ্জনকভাৱে বিদ্যুৎ যোগান ধৰাৰ অভিযোগ

শক্তি বিভাগ(Power Department)ৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ পৰিছে ৰঙিয়াৰ মধুকুছি গাঁৱৰ ৰাইজ । বিদ্যুৎ বিভাগে বিপজ্জনকভাৱে যোগান ধৰিছে বিদ্যুৎ পৰিবাহী তাঁৰ । জোৰা-তাপলি মৰা হাই ভল্টেজ বিদ্যুতৰ তাঁৰ হাতেৰে চুব পৰাকৈ ওলমি পৰা পৰিলক্ষিত হৈছে ।

9.কাকপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি

অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগে প্ৰকৃত লোক নিৰ্মাণ কৰিছে নে নিজৰ লোকৰ পকেট গৰম কৰিছে ? পথ নিৰ্মাণৰ নামত বিভাগটোত কি হৈছে দেখিলে আপুনিও আচৰিত হ'ব । দুৰ্নীতিমুক্ত অসমৰ কথা কোৱা অসম চৰকাৰৰ দিনতে দেখিবলৈ পোৱা গৈছে ব্যাপক দুৰ্নীতি ।

10.অসম গণ পৰিষদৰ চিন্তন বৈঠকত উত্তপ্ত পৰিস্থিতি

নগাঁও সংসদীয় সমষ্টিত দলীয় স্থিতি মজবুত কৰাৰ স্বাৰ্থত অসম গণ পৰিষদ দলৰ নেতৃত্বত আয়োজন কৰা হৈছিল চিন্তন বৈঠক ৷ কিন্তু বৈঠকত উপস্থিত নেতা-কৰ্মীসকলৰ মাজত মত বিৰোধ হোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.