কলগাছিয়া, ১৯ এপ্ৰিল : ৰাজ্যত ক্ৰমাত বৃদ্ধি পাবলৈ ধৰিছে অপৰাধ জনিত ঘটনা (Crime rate increase in Assam) ৷ নাৰীজনিত অপৰাধৰ সংখ্যাও বৃদ্ধি পোৱা বুলি ইতিমধ্যে বিভিন্ন প্ৰতিবেদনত প্ৰকাশ পাইছে ৷ বহুসময়ত আত্মহত্যা বা হত্যাৰ বলি হ’ব লগীয়া হৈছে ৰাজ্যৰ একাংশ মহিলা ৷ তেনে এগৰাকী মহিলাৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ কলগাছিয়াত (woman committed suicide in Barpeta)৷
কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত গুইলেজা গাঁৱত এগৰাকী ন-বোৱাৰীয়ে পুৱতি নিশা প্ৰায় তিনি মান বজাত ৰান্ধনী শালত ৰহস্যজনকভাৱে চিপলৈ আত্মহত্যা কৰে । মাত্ৰ ন মাহ পূৰ্বে সামাজিক নীতি-নিয়মৰে বিবাহ সম্পন্ন হৈছিল । স্বামীগৃহৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰিয়েই মহিলাগৰাকীয়ে আত্মহত্যাৰ পথ বাছি লোৱা বুলি অভিযোগ উত্থাপন কৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবী কৰিছে পৰিয়ালৰ লোকে ।
উল্লেখ্য যে, ৰোজা পালনৰ বাবে নিশা প্ৰায় দুইমান বজাত ৰান্ধা-বঢ়া কৰিবলৈ গৈ ৰান্ধনীশালতে ৰহস্যজনকভাৱে চিপ লৈ আত্মহত্যা কৰে বোৱাৰীগৰাকীয়ে । ঘটনাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় গাঁওবুঢ়াৰ সহযোগত কলগাছিয়া আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে ।
বৰ্তমানলৈকে এই সন্দৰ্ভত কোনো তথ্য পোহৰলৈ অহা নাই ৷ মহিলা গৰাকীৰ মৃত্যু আত্মহত্যা নে হত্যা সেয়াও পৰৱৰ্তী সময়তহে জানিব পৰা যাব ৷
লগতে পঢ়ক: Swine flu detected in Tripura : ছোৱাইন ফ্লুত আক্ৰান্ত 63 টা গাহৰিৰ মৃত্যু