ETV Bharat / state

বৰপেটাৰ ২০খনতকৈ অধিক গাঁৱক লৈ জলসম্পদ বিভাগৰ ল'ৰা-ধেমালি ! - negligence of water resource department

ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ আজব কাণ্ড ! জলসম্পদ বিভাগৰ অধীনস্থ নহয় টিহু আৰু বুঢ়াদিয়া নৈ ৷ ফলত প্ৰতিবছৰে এটাৰ পিচত আনটো বানত পৰি সৰ্বস্বান্ত হবলগীয়া হৈছে বৰপেটা জিলাৰ প্ৰায় কুৰিখন গাঁও ৷

negligence-of-department-of-water-resources-barpeta
বৰপেটাৰ ২০খনতকৈ অধিক গাঁৱক লৈ জলসম্পদ বিভাগৰ ল'ৰা-ধেমালি !
author img

By

Published : Jun 27, 2020, 10:57 PM IST

বৰপেটা,২৭ জুন: টিহু আৰু বুঢ়াদিয়া নৈৰ বানৰ কবলত পৰি ডুব গৈছে বৰপেটা জিলাৰ বিস্তৃত অঞ্চল ৷ ইতিমধ্যে নৈ দুখনৰ বাঢ়নি পানীত টিহু লচিমা পথ ডুব যোৱাৰ লগতে পাৰাহকুছি, বতিয়া, কেন্দুবাৰী, কালাতলি, লখোপুৰ, বৰবিলা, চাৰাবিল, আদি গাঁওসমুহ বানৰ কবলত পৰিছে ৷ বানৰ কবলত পৰা গাঁওসমূহৰ লোকসকলৰ লগতে গোধন আৰু পোহনীয়া জীৱ-জন্তু খাদ্যৰ সংকটত পৰিছে ৷ টিহু আৰু বুঢ়াদিয়া নৈৰ পানীয়ে প্ৰতিবছৰে বৰপেটা আৰু নলবাৰীৰ বৃহৎ অঞ্চলৰ ৰাইজক ক্ষতিগ্ৰস্থ কৰি আহিছে যদিওঁ এইক্ষেত্ৰত বানৰ কবলৰ পৰা জিলা দুখনৰ ৰাইজক উদ্ধাৰৰ বাবে নাই কোনো বিকল্প পথ ৷ চৰকাৰী মেৰপেচৰ বাবেই টিহু আৰু বুঢ়াদিয়া নৈপৰীয়া গাঁওসমুহৰ ৰাইজ বানৰ কবলৰ পৰা উদ্ধাৰৰ নাই কোনো আশা ৷

চৰকাৰী তথ্য অনুসৰি টিহু আৰু বুঢ়াদিয়া নৈ দুখন জলসম্পদ বিভাগৰ অধীনস্থ নহয় ৷ ফলত বান সমস্যাৰ সমাধান আৰু প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে গ্ৰহণ কৰিব নোৱাৰে কোনো আঁচনি ৷ যাৰফলত প্ৰতিবছৰে এটাৰ পিচত আনটো বানত ক্ষতিগ্ৰস্থ হ'ব লগা হয় নৈপৰীয়া জিলাখনৰ গাঁওবাসী ৷

বৰপেটাৰ ২০খনতকৈ অধিক গাঁৱক লৈ জলসম্পদ বিভাগৰ ল'ৰা-ধেমালি !

বিগত বছৰত বানৰ পিচত ক্ষয় ক্ষতিৰ বুজ ল'বলৈ অহা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰতিনিধিক সাক্ষাৎ কৰি স্থানীয় গাঁওবাসীয়ে নৈ দুখন জলসম্পদ বিভাগৰ অধীনলৈ নিয়াৰ বাবে দাবী জনাইছিল যদিও আজি পৰ্যন্ত সমস্যাৰ কোনো সমাধান নহ'ল ৷ জলসম্পদ বিভাগৰ অধীনস্থ নোহোৱাৰ বাবেই টিহু আৰু বুঢ়াদিয়া নৈপৰীয়া ৰাইজে বানৰ ফলত ভোগি অহা সমস্যাৰ সমাধান কোনোদিনে নোহোৱাৰে ধাৰণা কৰিছে স্থানীয় ৰাইজে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.