জনিয়া, 23 জুলাই: অসমৰ অন্যতম প্ৰগতিশীল সাহিত্য সংগঠন নতুন সাহিত্য পৰিষদৰ (Natun Sahitya Parishad) ঊনবিংশতম দ্বি-বাৰ্ষিক ৰাজ্যিক অধিৱেশন আগন্তুক ৪, ৫, ৬ আৰু ৭ নৱেম্বৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নামনি অসমৰ অন্যতম গুৰুত্বপূৰ্ণ ঠাই কলগাছিয়াত অনুষ্ঠিত হ’ব (Natun Sahitya Parishad adhiveshan to be held on November) ।
সন্মিলনখন সৰ্বতো প্ৰকাৰে সাফল্য মণ্ডিত কৰিবলৈ বিশিষ্ট লেখক ডাঃ ৰেজাউল কৰিমক সভাপতি আৰু প্ৰবীণ সাংবাদিক শ্বহিদুল ইছলামক সম্পাদক হিচাপে লৈ এখন অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে । সন্মিলনক কেন্দ্ৰ কৰি এখন স্মৃতি গ্ৰন্থ আৰু পঞ্চাশখনৰো অধিক গ্ৰন্থ প্ৰকাশনৰ বাবে সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে ।
ইয়াৰোপৰি সন্মিলনক কেন্দ্ৰ কৰি গ্ৰন্থমেলা, বাণিজ্য মেলা আৰু প্ৰদৰ্শনীৰ লগতে ৰাজ্যখনৰ বাৰেবৰণীয়া সংস্কৃতিৰে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ’ব বুলি কৰ্মকৰ্তাসকলে জানিবলৈ দিয়ে । সভাত সাহিত্য পৰিষদৰ ছয়মাহিলী আলোচনী ‘নতুন সাহিত্য’ উন্মোচন কৰে শিক্ষাবিদ মোজাম্মেল হুছেইনে ।
স্থানীয় নৱোদয় পথিভড়ালত ডাঃ ৰেজাউল কৰিমৰ পৌৰহিত্যত অনুষ্ঠিত সাধাৰণ সভাত সংগঠনৰ ৰাজ্যিক সভাপতি ডক্টৰ অহিজুদ্দিন শ্বেইখ, গুৱাহাটী কমাৰ্চ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ ঘনশ্যাম নাথকে ধৰি বহুকেইগৰাকী লেখক লেখিকা, শিল্পী, সাহিত্যিক উপস্থিত থাকে । সভাত পৰিষদৰ প্ৰাক্তন সভাপতি মুকুট ভট্টাচাৰ্য্য আৰু বিশিষ্ট চিকিৎসক ছৈয়দ জাদিদ আহমেদৰ মৃত্যুত শোক প্ৰস্তাৱ পাঠ কৰে অধ্যাপক ড৹ চুলতান আলি আহমেদে ।