ETV Bharat / state

সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশনাঃ হাহাকাৰ বৰপেটাৰ আতচবাজী উদ্যোগত

author img

By

Published : Nov 11, 2020, 2:22 PM IST

Updated : Nov 11, 2020, 3:35 PM IST

দীপাৱলী উপলক্ষে চৰকাৰৰ বিশেষ নিৰ্দেশনা ৷ আতচবাজী ব্যৱহাৰ আৰু বিক্ৰীৰ ক্ষেত্ৰত নিৰ্দেশনা চৰকাৰৰ ৷ বৰপেটাৰ আতচবাজীৰ লগত জড়িত লোকসকল তীব্ৰ সংকট ৷

National Green Tribunal Banned firecrackers on diwali in assam
সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশনাঃ হাহাকাৰ বৰপেটাৰ আতচবাজী উদ্যোগত

বৰপেটা, 11 নৱেম্বৰ : প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে গুৱাহাটীত ফটকাৰ বিক্ৰী আৰু ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰাৰ লগতে ৰাজ্যৰ আন প্ৰান্তত দুঘন্টাৰ বাবেহে ফটকা ব্যৱহাৰৰ অনুমতিৰ নিৰ্দেশনাক লৈ বৰপেটাৰ আতচবাজী শিল্পীসকল বিপাঙত পৰিছে ৷

national-green-tribunal-banned-firecrackers-on-diwali-in-assam
প্ৰস্তুত কৰা আতচবাজী

প্ৰায় 9 মাহ ধৰি ব্যৱসায় বন্ধ হৈ থকা বৰপেটাৰ আতচবাজী লোকসকলে দীপাৱলীৰ বাবে আতচবাজী প্ৰস্তুত কৰিছিল কিন্তু সেউজ ন্যায়াধীকৰণ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে গুৱাহাটীত ফটকাৰ বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰাৰ পিচত বৰপেটাৰ আতচবাজী পৰিয়াল সমূহলৈ নামি আহিছে সংকট ৷

লগতে পঢ়ক : বিহাৰ নিৰ্বাচন : এক্সজিট প’লক ভুল প্ৰমাণিত কৰিলে এনডিএয়ে

এইক্ষেত্ৰত বৰপেটাৰ আতচবাজীৰ লগত জড়িত ৰীতামনি পাঠকে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ এই নিৰ্দেশনা কাৰ্যকৰী হলে আতচবাজী শিল্পীসকল জীয়াই থকাতো টান হ'ব বুলি মন্তব্য কৰিছে ৷ গুৱাহাটীত বৰপেটাৰ আতচবাজীৰ ব্যাপক চাহিদা আছে ৷ যদিহে গুৱাহাটীত চৰকাৰে আতচবাজী বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰে তেন্তে বিভিন্ন ধৰণৰ ক্ষতিৰ সন্মুখীন হ'ব বৰপেটাৰ এই সমূহ পৰিয়ালে ৷

আনহাতে, বৰপেটাৰ আতচবাজী শিল্পটোৰ সৈতে যিহেতু মৃৎ শিল্পী সকলো জড়িত সেয়ে ইয়াৰ প্ৰভাৱ নিশ্চিতভাৱে মৃৎ শিল্পী সকলৰো ওপৰত পৰাটো নিশ্চিত ৷ ইপিনে, বৰপেটাৰ আতচবাজী সমূহত কোনো ধৰণৰ কেমিকেল ব্যৱহাৰ কৰা নহয় সম্পূৰ্ণ থলুৱা পদ্ধতিৰে প্ৰদূষণ মুক্তভাৱে প্ৰস্তুত কৰা হয় বুলিও দাবী কৰে আতচবাজী শিল্পীসকলে ৷

লগতে পঢ়ক : নিৰ্বাচনঃ ঘনে ঘনে সলনি হৈছে বিটিচিৰ ৰাজনৈতিক প্ৰেক্ষাপট

ইপিনে, প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে পৰিৱেশ অনুকুল আতচবাজী ব্যৱহাৰৰ বাবে দিয়া নিৰ্দেশক বৰপেটাৰ আন এগৰাকী আতচবাজীৰ জড়িত লোক গোপজিৎ পাঠকে আদৰণি জনাইছে ৷ ইয়াৰ জৰিয়তে বৰপেটাৰ আতচবাজীৰ চাহিদা বৃদ্ধি হ'ব বুলিও দাবী কৰে গোপজিৎ পাঠকে ৷ বৰপেটা থলুৱা আতচবাজী প্ৰস্তুতৰ ক্ষেত্ৰত ক্ষতিকাৰক বেৰিয়াম নাইট্ৰেট ব্যৱহাৰ কৰা নহয় বুলিও দাবী কৰে আতচবাজী শিল্পী গৰাকীয়ে ৷

লগতে পঢ়ক : পূৱ-লাডাখত উত্তেজনা শাম কটাক লৈ আশাবাদী সেনা প্ৰধান

Last Updated : Nov 11, 2020, 3:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.