এচিয়াৰ দ্বিতীয় সৰ্ববৃহৎ গছজোপা ক'ত আৰু কেনেদৰে আছে জানেনে আপোনালোকে ?
নামনি অসমৰ এক অন্যতম ধৰ্মীয় ঐতিহ্য ক্ষেত্ৰ হৈছে পাঠশালাৰ জালিখাটাস্থিত কলিবাৰী থান ৷ ইয়াতেই এচিয়াৰ দ্বিতীয় সৰ্ববৃহৎ বৃক্ষ ৰূপে জনাজাত বিশাল বট গছ জোপা আছে বুলি জানিবলৈ দিয়ে অঞ্চলবাসীয়ে ৷ বহু লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই বট গছ জোপাক কেন্দ্ৰ কৰি গঢ় লৈ উঠা কলিবাৰী থানখনলৈ অগণন লোকৰ লগতে ৰাজনৈতিক নেতাৰ আগমন ঘটে ৷ ইয়াৰোপৰি প্ৰতি বছৰে গছজোপাৰ জন্ম দিৱস পালন কৰি আহিছে স্থানীয় ৰাইজে ৷
প্ৰায়ে ভক্তৰ সমাগম দেখা পোৱা যায় থানখনত ৷ লগতে বৃক্ষজোপা চাবলৈও মানুহে ভিৰ কৰা পৰিলক্ষিত হয় ৷ কিন্তু ক্ৰমাৎ নিচিহ্ন হোৱাৰ পথত এই বটবৃক্ষ জোপা ৷ দৰাচলতে, প্ৰলয়ংকাৰী গৰাখহনীয়াৰ কবলত পৰিছে এচিয়াৰ দ্বিতীয় বৃহৎ বৃক্ষ ৰূপে পৰিচিত বিশাল বটবৃক্ষ জোপা ৷ থানখনৰ গাতে লাগি থকা কালদিয়া নদীয়ে সুঁতি সলাই বিপদ মাতিছে থানখনলৈ ৷ ইতিমধ্যে থানখনৰ কেবা বিঘা মাটি জাহ গৈছে কালদিয়াৰ বুকুত ৷
উল্লেখ্য যে, কালদিয়া নদীয়ে আৰু কিছু পৰিমাণে সুঁতি সলালেই চিৰদিনৰ বাবে নিচিহ্ন হৈ পৰিব বিশাল বৃক্ষ জোপা ৷ বট গছজোপাত ভেঁকুৰ ধৰি এতিয়া বৃহৎ অংশ নষ্ট হ'বলৈ ধৰিছে ৷ বাৰে-বাৰে ৰাজ্য চৰকাৰ আৰু বন বিভাগক এই সম্বন্ধে জনোৱাৰ পাছতো আজিকোপতি বিভাগটোৱে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ কৰে স্থানীয় ৰাইজে ৷ যদিহে শীঘ্ৰে থানখনৰ লগতে বৃক্ষজোপাৰ বাবে বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে ধ্বংস হোৱাৰ দিশত আন এক ঐতিহ্য ..