জনীয়া,20 ছেপ্তেম্বৰ: এটি 20 দিনীয়া মৰম লগা নৱজাতক ৷ 20 টা দিনৰ পূৰ্বে চিকিৎসকে মইনাৰ হাতত তুলি দিছিল শিশুটিক ৷ সকলোৰে মুখত কেৱল হাঁহি ৷ শিশুটিক লৈ মাতৃ মইনাৰো কিমান যে সপোন, কিমান যে আনন্দ হৈ পৰিছিল মইনা ৷
কিন্তু হঠাৎ কি হৈ গ’ল ৷ নভবাকৈ সকলো থানবান হৈ পৰিল সকলো ৷ 20 দিনীয়া কণমানিটোৱে মাতৃৰ বুকুৰ উম বুজিব নোৱাৰোতেই মাতৃহীন হৈ পৰিল কণমানিটো ৷ মৰমৰ অৰ্থ নুবুজা কণমানিটোৰ মুখলৈ চাই নিমাত-নিথৰ হৈ পৰি ৰৈছে সকলো ৷
কিয়নো কোনেও নভবাকৈয়ে হঠাৎ মৃত্যু ঘটিল কণমানিটোৰ মাতৃ মইনাৰ ৷ সকলোতে লাগিল হোৱা-দোৱা ৷ কাৰণ 20 দিনীয়া নৱজাতকক এৰি চৰম পন্থা ল’লে মইনাই ৷ কিন্তু কিয় নৱজাতকটিক এৰিবলৈ বাধ্য হ’ল মইনা ! সকলো এতিয়া ৰহস্যৰ আৱৰ্তত ৷
লগতে পঢ়ক: উপ নিৰ্বাচন : বিজেপিক ৱাকঅভাৰ দিব নেকি বিৰোধীয়ে
এতিয়া আহিছো মূল ঘটনাৰ মাজলৈ ৷ ঘটনাৰ স্থান কলগাছিয়াৰ গুণিয়ালগুৰি ৷ অভিযোগ অনুসৰি, 20 দিনীয়া নৱজাতকৰ মাতৃক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিছে স্বামী পৰিয়ালে ৷
প্ৰাপ্ত তথ্য অনুসৰি, বালাৰভিটা গাঁৱৰ আফাজ উদ্দিনৰ কন্যা আজমিনা খাতুন ওৰফে মইনা (১৯) ৰ দুবছৰ পূৰ্বে গুনিয়ালগুৰি গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল ওৱাহেদৰ পুত্ৰ আয়ুব মামুন ওৰফে মুন (২৪) ৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল ৷ অভিযোগ অনুসৰি, বিয়াৰ পিছৰে পৰাই স্বামী আয়ুব মামুনে অইন এগৰাকী যুৱতীৰ সৈতে পৰকীয়া প্ৰেমত লিপ্ত হৈ পৰিছিল । এই ঘটনাক কেন্দ্ৰ কৰি দুয়ো স্বামী-স্ত্ৰীৰ মাজত অশান্তিৰ সৃষ্টি হৈছিল ৷
যাৰ বাবে দীৰ্ঘদিনৰ পৰা স্বামী আয়ুব মামুনে পত্নী আজমিনাৰ ওপৰত অত্যাচাৰ চলাই আহিছিল । জানিব পৰা মতে, আয়ুব মামুনৰ পত্নীয়ে 20 দিন পূৰ্বে এটি পুত্ৰ সন্তানক জন্ম দিয়ে ৷ অভিযোগ অনুসৰি, দেওবাৰে নিশা আয়ুব মামুনে তেওঁৰ পত্নী আজমিনা খাতুনক মাৰধৰতে ক্ষান্ত নাথাকি অৱশেষত হত্যা কৰে পত্নীক ৷
লগতে পঢ়ক: ৰাজ্যত আৰম্ভ দশম শ্ৰেণীৰ অফলাইন পাঠদান প্ৰক্ৰিয়া
আজমিনা খাতুনক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰে অভিযুক্ত আয়ুব মামুন আৰু তেওঁৰ পৰিয়ালে । এই অভিযোগ উত্থাপন কৰিছে আজমিনা খাতুনৰ পৰিয়ালে ৷ স্থানীয় একাংশ প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰা অনুসৰি, দেওবাৰে নিশা দুই বজাত স্বামী গৃহৰ একাংশ লোকে প্ৰসূতি বোৱাৰী তথা আজমিনা খাতুনৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ বাবে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত কৰাইছিল ভৰ্তি ৷
কিন্তু চিকিৎসকে আজমিনাক মৃত বুলি ঘোষণা কৰে ৷ আজমিনাৰ মৃত্যুৰ খবৰ লাভ কৰিয়েই সেই স্থানৰ পৰা পলায়ন কৰে আজমিনাৰ শহুৰেকৰ ঘৰৰ মানুহ ৷ এই অভিযোগ আজমিনাৰ পৰিয়ালৰ ৷ আজমিনাৰ পৰিয়ালৰ অভিযোগ, পৰিকল্পিত ভাৱে হত্যা কৰা হ’ল আজমিনাক ৷ সেয়ে শীৰ্ঘ্ৰে হত্যাকাৰীক আটক কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আজমিনাৰ পিতৃ পৰিয়ালে দাবী জনাইছে আৰক্ষীক ৷
লগতে পঢ়ক: শিৱসাগৰত PubG খেলি হেৰুৱালে 19 লাখ টকা