কলগাছিয়া, 1 ফেব্ৰুৱাৰীঃ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত শওপুৰ বেকী দলঙৰ ওচৰত ভূমি বিবাদক কেন্দ্ৰ কৰি একেটা পৰিয়ালৰ দুটা ফৈদৰ মাজত তুমুল সংঘৰ্ষ ৷ দুয়োপক্ষৰ মাৰপিটত হাবেজ উদ্দিন নামৰ এজন 55 বছৰীয়া লোক নিহত হোৱাৰ লগতে হানিফ উদ্দিন (62) নামৰ আন এজন গুৰুতৰভাৱে আহত হয় ৷ আহতজনক সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ ৷
পিছত হাবেজ উদ্দিনৰ পুত্ৰৰ গোচৰৰ ভিত্তিত আৰক্ষীৰ তৎপৰতাত ১১ জন অভিযুক্তৰ ২ জন ক্ৰমে আছুৰউদ্দিন আৰু বিল্লাল হুছেইনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । জানিব পৰা মতে,শওপুৰত থকা এডোখৰ মাটিৰ সীমাৰ বাবে পৰিয়ালটোৰ মাজত দীৰ্ঘ দিনৰ পৰা চলি আছিল গৃহকন্দল । যাৰ ফলত শুকুৰবাৰে আছুৰউদ্দিন আৰু বিল্লাল হুছেইনৰ দলে লাঠী, ৰ'ডেৰে আক্ৰমণ চলোৱাত হাবেজ উদ্দিন নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় হানিফ উদ্দিন ৷
লগতে পঢ়কঃবাজেট 2020 : কি আছে স্বাস্থ্য খণ্ডত