ETV Bharat / state

বৰপেটাত মুখাৰ ৬ষ্ঠ বাৰ্ষিক ৰাষ্ট্ৰীয় নাট সমাৰোহ - Mukha's 6th Annual National Drama Ceremony in Barpeta

নিৰ্বাচনমুখী ৰাজনীতিৰ নাটকৰ বিপৰীতে বৰপেটাত নাট্যগোষ্ঠী "মুখা"ৰ উদ্যোগত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় নাট মহোৎসৱ ৷ নাটকক লৈ নতুন নতুন সম্পৰীক্ষা আৰু দেশ-বিদেশৰ বিখ্যাত নাটসমূহৰ সৈতে বৰপেটাবাসীক পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যৰে বৰপেটা জিলা পুথিভঁৰালত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে বিষ্ণু-জ্যোতি ৰাষ্ট্ৰীয় নাট মহোৎসৱ ৷

বৰপেটাত মুখাৰ ৬ষ্ঠ বাৰ্ষিক ৰাষ্ট্ৰীয় নাট সমাৰোহ

author img

By

Published : Mar 9, 2021, 2:51 PM IST

বৰপেটা,৯ মাৰ্চ: এতিয়া ৰাজ্যজুৰি নিতৌ মঞ্চস্থ হৈ আছে ৰাজনৈতিক নেতাৰ নিত্য-নতুন নিৰ্বাচনমুখী নাট ৷ টিকট বঞ্চিত আৰু বিধায়ক হোৱাৰ সপোনেৰে জননেতাসকলে অহৰহ ৰাইজৰ আগত নিৰ্বাচনী নাটকত অংশ লৈ আছে ৷ নিৰ্বাচনমুখী ৰাজনীতিৰ এই নাটকৰ বিপৰীতে বৰপেটাত নাট্যগোষ্ঠী মুখাৰ উদ্যোগত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় নাট মহোৎসৱ ৷ নাটকক লৈ নতুন নতুন সম্পৰীক্ষা আৰু দেশ-বিদেশৰ বিখ্যাত নাটসমূহৰ সৈতে বৰপেটাবাসীক পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যৰে বৰপেটা জিলা পুথিভঁৰালত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে বিষ্ণু-জ্যোতি ৰাষ্ট্ৰীয় নাট মহোৎসৱ ৷

বৰপেটাত মুখাৰ ৬ষ্ঠ বাৰ্ষিক ৰাষ্ট্ৰীয় নাট সমাৰোহ
বৰপেটাত মুখাৰ ৬ষ্ঠ বাৰ্ষিক ৰাষ্ট্ৰীয় নাট সমাৰোহ

সোমবাৰে দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে নিবেদন কৰিলে উষা গাংগুলী পৰিচালিত 'জাত হী পুচো সাধু কি' নামৰ নাটখন ৷ বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসে মুকলি কৰা নাট মহোৎসৱৰ প্ৰেক্ষাগৃহত দৰ্শকে উপভোগ কৰে বিখ্যাত নাটখন ৷ ইপিনে মঙলবাৰে সন্ধিয়া ৰাষ্ট্ৰীয় নাট বিদ্যালয় দিল্লীয়ে বায়েন নামৰ নাটখন নিবেদন কৰিব ৷ বুধবাৰে নাট্যদল মুখাই "মথুৰা পুৰীৰ বুঢ়া আতা" নামৰ নাটখন নিবেদন কৰাৰ লগতে থাৰ্ড থিয়েটাৰ গুৱাহাটীয়ে মুকাভিনয় প্ৰদৰ্শন কৰিব ৷ নিৰ্বাচনক লৈ চলি থকা ৰাজনীতিৰ নাটৰ মাজতে মুখাৰ ৰাষ্ট্ৰীয় নাট মহোৎসৱত দৰ্শকৰ ব্যাপক সমাগম পৰিলক্ষিত হৈছে ৷

বৰপেটাত "মুখা"ৰ ৬ষ্ঠ বাৰ্ষিক ৰাষ্ট্ৰীয় নাট সমাৰোহ

লগতে পঢ়ক: মঙলদৈ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী গুৰুজ্যোতি দাসক উষ্ম আদৰণি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.