ETV Bharat / state

চৈয়দ আব্দুল মালিকক লৈ শিলাদিত্য দেৱে কৰা মন্তব্যত ক্ষোভ প্ৰকাশ আব্দুল খালেকৰ - সাংবাদিক

বিভিন্ন সময়ত বিধায়ক শিলাদিত্যই বিতৰ্কিত মন্তব্য দি অহাৰ পাচতো মুখ্যমন্ত্ৰী সোণোৱালে তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিলে বুলি প্ৰশ্ন কৰাৰ লগতে মুখ্যমন্ত্ৰী সোণোৱালে এইক্ষেত্ৰত ধৃতৰাষ্টৰ ভূমিকা পালন কৰিছে বুলি তীব্ৰ সমালোচনা কৰে সাংসদ খালেকে।

siladitya dev's comment to syed abdul malik

author img

By

Published : Aug 9, 2020, 5:10 AM IST

Updated : Aug 9, 2020, 5:16 AM IST

জনিয়া, 8 আগষ্ট : পুনৰ প্ৰসিদ্ধ সাহিত্যিক চৈয়দ আব্দুল মালিকক লৈ সৃষ্টি হৈছে বিতৰ্ক ৷ এইবাৰ বিজেপি বিধায়ক শিলাদিত্য দেৱে কটু মন্তব্য কৰিছে প্ৰয়াত সাহিত্যিকগৰাকীৰ বিৰুদ্ধে ৷ কিন্তু বিধায়ক শিলাদিত্য দেৱক উভতি ধৰিছে বৰপেটাৰ কংগ্ৰেছী সাংসদ আব্দুল খালেকে। বিধায়ক শিলাদিত্য দেৱে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰখ্যাত সাহিত্যিক প্ৰয়াত চৈয়দ আব্দুল মালিকক বৌদ্ধিক জেহাদী বুলি কোৱাৰ পাচত জাঙুৰ খাই উঠিছে সাংসদ আব্দুল খালেক।

চৈয়দ আব্দুল মালিকক লৈ শিলাদিত্য দেৱে কৰা মন্তব্যত ক্ষোভ প্ৰকাশ আব্দুল খালেকৰ

সাংবাদিকেৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত সাংসদ গৰাকীয়ে কয় যে, শিলাদিত্য দেৱ এজন মানসিক ভাৰসাম্য হেৰুৱা আত্মসমৰ্পণকাৰী ব্যক্তি, লগতে শিলাদিত্য দেৱ চৈয়দ আব্দুল মালিকৰ বৰ্জিত গ্ৰহণৰো যোগ্য নহয় । বিভিন্ন সময়ত বিধায়ক শিলাদিত্যই বিতৰ্কিত মন্তব্য দি অহাৰ পাচতো মুখ্যমন্ত্ৰী সোণোৱালে তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিলে বুলি প্ৰশ্ন কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে এইক্ষেত্ৰত ধৃতৰাষ্টৰ ভূমিকা পালন কৰিছে বুলি তীব্ৰ সমালোচনা কৰে সাংসদ খালেকে।

সাংসদজনে বিধায়ক পদ্ম হাজৰিকাকো কঠোৰ ভাষাৰে সমালোচনা কৰে । আনহাতে কৰ'ণাক লৈ বিজেপি চৰকাৰে ৰাজনীতি কৰা বুলিও মন্তব্য কৰে খালেকে । ইফালে কেন্দ্ৰীয় চৰকাৰে দিয়া মাটিত বাবৰি হাস্পতাল নিৰ্মাণ কৰা হ’ব বুলি উত্তৰ প্ৰদেশৰ চুন্নী ৱক্ অফ ব’ৰ্ডে লোৱা সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে বাবৰি হাস্পতাল নিৰ্মাণৰ বাবে তেওঁৰ এমাহৰ দৰমহা দান কৰিব বুলি সাংবাদিকক জনায় আব্দুল খালেকে ।

সাংবাদিক সকলক নিৰাপত্তা দিবলৈ চৰকাৰক আহ্বান

সাংসদ গৰাকীয়ে নাম প্ৰকাশ নকৰাকৈ একাংশ সাংবাদিকক বিজেপি চৰকাৰৰ ভেৰোণীয়া বাহিনী আখ্যা দিয়াৰ লগতে সৎ, নিষ্ঠাবান সাংবাদিক সকলৰ প্ৰশংসা কৰে আৰু সাংবাদিক সকলক নিৰাপত্তা দিবলৈ চৰকাৰক আহ্বান জনায়। ৰাষ্ট্ৰীয় চেনেলৰ সাংবাদিক অৰ্ণৱ গোস্বামীকো তীব্ৰ ভাষাৰে সমালোচনা কৰে সাংসদ আব্দুল খালেকে।

লগতে পঢ়ক : অখিল গগৈৰ মুক্তি : অধিবক্তা কৃষ্ণ গগৈৰ ইটিভি ভাৰতৰে আছুতীয়া সাক্ষাৎকাৰ

Last Updated : Aug 9, 2020, 5:16 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.