ETV Bharat / state

ফণীৰ গাত শনি লাগিছে : আব্দুল খালেক

author img

By

Published : Oct 8, 2021, 10:14 PM IST

ফণীৰ গাত শনি লাগিছে বুলি প্ৰাক্তন বিধায়ক ফণী তালুকদাৰ সন্দৰ্ভত কিয় ক’লে সাংসদ আব্দুল খালেকে ৷ বিজেপি চৰকাৰৰ বিৰুদ্ধে আইন অৱমাননা কৰাৰো অভিযোগ খালেকৰ ৷

mp-abdul-khaleks-statement-against-bjp
ফণীৰ গাত শনি লাগিছে : আব্দুল খালেক

জনীয়া, 8 অক্টোবৰ : বৰপেটাৰ সাংসদ আব্দুল খালেকে কলগাছিয়া ৰাজীৱ ভৱনত শুকুৰবাৰে বিয়লি এক সংবাদ মেল সম্বোধন কৰি কয় যে, চমক সৃষ্টি কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কেইজনমান মাটিৰ দালাল গ্ৰেপ্তাৰ কৰিছে । আইন যদি সকলোৰে বাবে সমান হয় কুখ্যাত মাটিৰ দালাল ফণী তালুকদাৰ আৰু নাৰায়ণ ডেকাৰ গাত কিয় চৰকাৰে হাত দিয়া নাই বুলিও তেওঁ প্ৰশ্নৰ উত্থাপন কৰে ।

ফণীৰ গাত শনি লাগিছে : আব্দুল খালেক

আইন সমান বুলি ভবা হ’লে বিজেপিয়ে ফণী তালুকদাক ভৱানীপুৰত প্ৰাৰ্থী নকৰিলে হেতেন । অসমৰ বৰ্তমানৰ চৰকাৰে আইনৰ শাসনক বিশ্বাস নকৰে । তেওঁলোকে বিৰোধী সকলক গ্ৰেপ্তাৰতহে বিশ্বাসী বুলিও মন্তব্য কৰে সাংসদ খালেকে । বিজেপি এটা Washing machine BJPক শাসক গোষ্ঠীয়ে গংগা হিচাপে ব্যৱহাৰ কৰি আছে বুলিও কটাক্ষ কৰে তেওঁ ।

মৃণাল শইকীয়া, দিলীপ শইকীয়া, জয়ন্ত মল্ল আদি বিধায়ক সাংসদ সকলে বহু প্ৰৰোচনামূলক কথা কোৱাৰ পিছতো তেওঁলোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই । কিন্তু অখিল গগৈ বা বিধায়ক শ্বেৰমান আলীৰ ক্ষেত্ৰত প্ৰতিশোধ পৰায়ন মনোভাৱ লোৱা হৈছে । শব্দ প্ৰয়োগক লৈ যদি গ্ৰেপ্তাৰ কৰিব লগীয়া হৈছে তেন্তে নাথুৰামৰ পক্ষত টুইট কৰা প্ৰজ্ঞা ঠাকুৰক চৰকাৰে কিয় গ্ৰেপ্তাৰ কৰা নাই বুলি সাংসদ গৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

গৰুখুটিৰ উচ্ছেদৰ ওপৰত হাই কৰ্টৈ Tragedy বুলি আখ্যায়িত কৰাটো চৰকাৰৰ নৈতিক পৰাজয় বুলি তেওঁ মন্তব্য কৰে । উপ নিৰ্বাচনত কংগ্ৰেছে কেইখন আসন পাব তাৰ পৰিসংখ্যা সাংসদ গৰাকীয়ে উল্লেখ নকৰে যদিও কংগ্ৰেছ দলে ভাল ফলাফল দেখুৱাব বুলি তেওঁ আশা ব্যক্ত কৰে । উত্তৰ প্ৰদেশৰ লখিমপুৰৰ কৃষক হত্যা কাণ্ডৰ প্ৰতিক্ৰিয়াত তেওঁ কেন্দ্ৰীয় ৰাজ্য গৃহমন্ত্ৰী অজয় মিশ্ৰ টেনিৰ পদত্যাগ আৰু পুত্ৰ আশিস মিশ্ৰৰ গ্ৰেপ্তাৰ দাবী কৰে ।

লগতে পঢ়ক : তালিবানৰে কি সম্পৰ্ক কে এল অ'ৰ : উন্মোচিত হৈছে নতুন তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.