ETV Bharat / state

হু ইজ হিমন্ত বিশ্ব শৰ্মা ? NRCক লৈ সুখী নহয় সাংসদ আব্দুল খালেক

সংবাদমেল সম্বোধন কৰি এন আৰ চিক লৈ সন্তুষ্ট নহয় বুলি মন্তব্য বৰপেটাৰ সাংসদ আব্দুল খালেকৰ ৷ পৰিৱেশ প্ৰদূষিত কৰিব বিচৰাৰ অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি নেতাৰ বিৰুদ্ধে ৷

হু ইজ হিমন্ত বিশ্ব শৰ্মা ?
author img

By

Published : Aug 31, 2019, 7:07 PM IST

বৰপেটা,৩১আগষ্টঃ শনিবাৰে বৰপেটাত সংবাদমেল সম্বোধন কৰি সাংসদ আব্দুল খালেকৰ মন্তব্য,এন আৰ চিক লৈ সুখী নহয় সাংসদজন ৷ বহু ভাৰতীয় লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰা বুলি অভিযোগ তুলি সাংসদ গৰাকীয়ে কয় যে হিমন্ত বিশ্ব শৰ্মা অথবা শিলাদিত্য দেৱৰ দৰে একাংশই কিছুমান বিতৰ্কিত মন্তব্যৰ জৰিয়তে পৰিৱেশ প্ৰদূষিত কৰি আছে ৷ উল্লেখ্য যে,সাংবাদিকৰ এক প্ৰশ্নত হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলিও এলোটাই প্ৰশ্ন কৰে সাংসদজনে ৷ বহু ভাৰতীয় লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰা বুলি সন্দেহ প্ৰকাশ কৰে যদিও এন আৰ চি প্ৰকাশৰ ক্ষেত্ৰত সাংসদগৰাকীয়ে ভাৰত চৰকাৰ,অসম চৰকাৰ,উচ্চতম ন্যায়ালয়,মহাপঞ্জীয়কৰ লগতে ইয়াৰ সৈতে জড়িত সকলো চৰকাৰী বিষয়া কৰ্মচাৰীকে অভিনন্দন জনায় ৷ শৃংখলাবদ্ধ দল বুলি কোৱা বিজেপি নেতাসকলৰ মন্তব্য পৰস্পৰ বিৰোধী বুলি প্ৰকাশ কৰি গৃহমন্ত্ৰী অমিত শ্বাহক বিদেশী নাগৰিক সকলক বাংলাদেশৰ সৈতে প্ৰত্যাৰ্পণৰ বিষয়ে আলোচনা কৰিবলৈ আহ্বান জনাই সাংসদ গৰাকীয়ে ৷ ভাৰতৰ ক'তো নথকা সন্দেহজনক নাগৰিকৰ বিষয়তো সংসদত উত্থাপন কৰিব আশ্বাস দিয়ে ৷

Intro:

বৰপেটা ৩১ আগষ্ট: এন আৰ চি সম্পৰ্কত সংবাদমেল সম্বোধন কৰি এন আৰ চিক নস্যাৎ কৰিব বিচৰা হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰোধিতা কৰি সাংসদ আব্দুল খালেকৰ প্ৰশ্নঃ হু ইজ হিমন্ত ৷

এনআৰচি প্ৰস্তুত কৰি আছে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ৷

হিমন্তই ভাৰত চৰকাৰ, অসম চৰকাৰ অথবা উচ্চতম ন্যায়ালয়ক প্ৰত্যাহ্বান জনাব বিচাৰিছে নেকি, এই কথা হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰিব লাগে ৷

Body:মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্চতম ন্যায়ালয়, আৰু চৰকাৰক হেয় প্ৰতিপন্ন কৰিছে ৷

হিমন্ত বিশ্ব শৰ্মা অথবা শিলাদিত্য দেৱৰ দৰে একাংশই পৰিবেশ প্ৰদূষিত কৰি আছে ৷

আনহাতে বৰপেটাৰ সাংসদ আব্দুল খালেকে কলে এনআৰচিক লৈ মই সুখী নহয় ৷

বহু ভাৰতীয় লোকৰ নাম এনআৰচিৰ পৰা বাদ পৰা বুলি কলে সাংসদ খালেকে ৷

বৰপেটাৰ জনীয়াৰ স্বাধীনতা সংগ্ৰামত অংশ লোৱা মোছলেম উদ্দিনৰ পৰিয়ালৰ কন্যাৰ নাম এনআৰচিৰ পৰা বাদ পৰা বুলি মন্তব়্য কৰে ৷

তথাপি এনআৰচি প্ৰকাশৰ ক্ষেত্ৰত সাংসদগৰাকীয়ে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু উচ্চতম ন্যায়ালয়, মহাপঞ্জীয়কৰ লগতে ইয়াৰ সৈতে জড়িত সকলো চৰকাৰী বিষয়া কৰ্মচাৰীকে অভিনন্দন জনায় ৷

আনহাতে ৰাজ্য চৰকাৰৰ একাংশ মন্ত্ৰী বিধায়কৰ মন্তব্যত অসন্তুষ্ট আব্দুল খালেক ৷

এনআৰচিৰ খচৰাৰ পৰা বাদ পৰা ৪০ লাখ লোকক বিদেশী বুলি কৈছিল অমিত শ্বাহে ৷

কিন্তু বাদ পৰা ৪০ লাখ লোকৰ ২০ লাখৰ নাম এনআৰচিৰ তালিকাত অন্তৰ্ভূক্ত হৈছে ৷

সেয়ে বিজেপি নেতাসকল বলিয়া হোৱাতো স্বাভাৱিক ৷

শৃংখলাৱদ্ধ দল বুলি কোৱা বিজেপি নেতাসকলৰ মন্তব্য পৰস্পৰ বিৰোধী ৷

আনহাতে বাংলাদেশৰ সৈতে প্ৰত্যৰ্পন চুক্তিৰ দাবী কৰে খালেকে ৷

গৃহমন্ত্ৰী অমিত শ্বাহক বাংলাদেশৰ সৈতে কথা পাতিবলৈ আহ্বান বৰপেটাৰ সাংসদগৰাকীৰ ৷

যিসকল বিদেশী তেওলোকক প্ৰত্যৰ্পন কৰিব লাগিব বুলিও দাবী ৷

বিদেশী ন্যায়াধিকৰনৰ বিচাৰ প্ৰক্ৰিয়াৰ ওপৰত সন্দেহ প্ৰকাশ কৰি সেনা বাহিনীত কৰ্মৰত লোকক বিদেশী ঘোষনা কৰা কথাৰ অবতাৰনা কৰে ৷

ভাৰতৰ কতো নথকা সন্দেহজনক নাগৰিকৰ বিষয়তো সংসদত উত্থাপন কৰিব বৰপেটাৰ সাংসদ আব্দুল খালেকে ৷ Conclusion:---- বাপকন দাস, বৰপেটা ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.