ETV Bharat / state

"প্ৰতিজন সন্তান হওঁক একো একোজন শ্ৰৱণ কুমাৰ"

author img

By

Published : Aug 18, 2019, 12:45 PM IST

এখন পুৰণি, প্ৰায় জৰাজীৰ্ণ স্কুটাৰত মাতৃক বহুৱাই লৈ এখনৰ পিচত আন এখন ৰাজ্য ভ্ৰমণ কৰি আধুনিক শ্ৰৱণ কুমাৰ তথা মহীশূৰৰ বাসিন্দা কৃষ্ণ কুমাৰ উপস্থিত হ'ল বৰপেটাত৷ মাতৃৰ প্ৰৱেশত বাধা থকাৰ বাবেই সত্ৰৰ কীৰ্তনঘৰৰ ভিতৰত প্ৰৱেশ নকৰিলে মাতৃভক্ত এই আধুনিক শ্ৰৱণ কুমাৰে ৷

"প্ৰতিজন সন্তান হওক একো একোজন শ্ৰৱণ কুমাৰ"

বৰপেটা, 18 আগষ্টঃ একোচা দীঘল দাড়ি, দীঘল ক'লা চুলিৰে সৈতে ডিঙিত গামোছা লৈ থকা এই লোকজন কোনো বিখ্যাত লোক নহয়৷ মাতৃভক্তিৰ জীৱন্ত প্ৰতিমূৰ্তিৰূপে পৰিচিত এই লোকজন হৈছে কৰ্ণাটকৰ মহীশূৰৰ কৃষ্ণ কুমাৰ৷ এইজন আধুনিক শ্ৰৱণ কুমাৰৰ মাতৃৰ প্ৰতি থকা ভক্তি আৰু প্ৰেম এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে সমগ্ৰ দেশতে৷ শ্ৰৱণ কুমাৰে অন্ধ পিতৃ মাতৃক কান্ধত ভাৰ বান্ধি ভাৰতবৰ্ষৰ পবিত্ৰ মঠ মন্দিৰসমুহ দৰ্শন কৰোৱাৰ দৰেই এইজন কৃষ্ণ কুমাৰেও এখন পুৰণি স্কুটাৰতে মাতৃক উঠাই লৈ সমগ্ৰ দেশৰ পবিত্ৰ মঠ-মন্দিৰ, নগৰ-চহৰ, গাওঁ-ভুই ভ্ৰমি ফুৰিছে বিগত প্ৰায় ডেৰ বছৰে ৷

"প্ৰতিজন সন্তান হওঁক একো একোজন শ্ৰৱণ কুমাৰ"

উল্লেখ্য যে, 2018 চনৰ 16 জানুৱাৰীত মহীশূৰৰ নিজ গৃহৰ পৰা ওলাই অহা কৃষ্ণ কুমাৰে এইখন স্কুটাৰতে মাতৃক বহুৱাই লৈ ইতিমধ্যে 17 খন ৰাজ্য আৰু ভূটান নেপালকে ধৰি দুখনকৈ দেশ ভ্ৰমণ সম্পূৰ্ণ কৰিছে৷ আধুনিক শ্ৰৱণ কুমাৰ হিচাপে পৰিচিত কৃষ্ণ কুমাৰ শনিবাৰে বিয়লি গুৱাহাটীৰ পৰা আহি উপস্থিত হয় বৰপেটাত ৷ বৰপেটা সত্ৰ দৰ্শন কৰি অভিভূত হৈ পৰা বুলি মন্তব্য কৰে মাতৃ-পুত্ৰই৷ এখন স্কুটাৰত দেশ বিদেশ ভ্ৰমণ কৰি পবিত্ৰ তীৰ্থস্থানসমূহ দৰ্শন কৰি ফুৰা এই আধুনিক শ্ৰৱণ কুমাৰে ক'লে- প্ৰতিজন সন্তান হওঁক একো একোজন শ্ৰৱণ কুমাৰ ৷

Intro:

বৰপেটা, ১৮ আগষ্টঃ এখন পুৰণি, প্ৰায় জৰাজীৰ্ণ স্কুটাৰত মাতৃক বহুৱাই লৈ এখনৰ পিচত আন এখন ৰাজ্য ভ্ৰমি, ইখনৰ পিচত সিখন পবিত্ৰ ধৰ্মস্থান দৰশন কৰি আধুনিক শ্ৰৱন কুমাৰ উপস্থিত হ'ল বৰপেটাত ৷ দেশৰ ১৭ খন ৰাজ্য পৰিভ্ৰমন কৰি বৰপেটাত উপস্থিত হোৱা শ্ৰৱন কুমাৰে আজি বৰপেটা সত্ৰ দৰশন কৰে যদিও মাতৃৰ প্ৰৱেশত বাধা থকাৰ বাবেই সত্ৰৰ কীৰ্তনঘৰৰ ভিতৰত প্ৰৱেশ নকৰিলে মাতৃভক্ত এই আধুনিক শ্ৰৱন কুমাৰে ৷

Body:একোচা দীঘল দাড়ি, দীঘল কলা চুলিৰে সৈতে ডিঙিত গামোছা লৈ থকা এই লোকজন নহয় কোনো বিখ্যাত লোক ৷ পিছে মাতৃভক্তিৰ জীৱন্ত প্ৰতিমূৰ্তি স্বৰূপে লোকজন সমগ্ৰ দেশত বন্দিত হৈছে আধুনিক শ্ৰৱন কুমাৰ হিচাপে ৷ মাইচোৰ চহৰৰ বাসিন্দা কৃষ্ণ কুমাৰ নামৰ এই লোকজনৰ মাতৃৰ প্ৰতি থকা অগাধ ভক্তি আৰু প্ৰেম সমগ্ৰ দেশতে এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে ৷ শ্ৰৱন কুমাৰে অন্ধ পিতৃ মাতৃক কান্ধত ভাৰ বান্ধি ভাৰতবৰ্ষৰ পবিত্ৰ মঠ মন্দিৰসমুহ দৰশন কৰোৱাৰ দৰেই এইজন কৃষ্ণ কুমাৰেও এখন পুৰণি স্কুটাৰতে মাতৃক উঠাই লৈ সমগ্ৰ দেশৰ পবিত্ৰ মঠ-মন্দিৰ, নগৰ-চহৰ, গাও-ভুই ভ্ৰমি ফুৰিছে বিগত প্ৰায় ডেৰ বছৰ ধৰি ৷ ২০১৮ চনৰ ১৬ জানুৱাৰীত মাইচোৰ চহৰৰ নিজ গৃহৰ পৰা ওলাই অহা কৃষ্ণ কুমাৰে এইখন স্কুটাৰতে মাতৃক বহুৱাই লৈ ইতিমধ্যে ১৮ খন ৰাজ়্য আৰু ভূটান নেপালকে ধৰি দুখনকৈ দেশ ভ্ৰমন সম্পূৰ্ণ কৰিছে ৷ আধুনিক শ্ৰৱন কুমাৰ হিচাপে বন্দিত কৃষ্ণ কুমাৰ শনিবাৰে বিয়লি গুৱাহাটীৰ পৰা আহি উপস্থিত হয় বৰপেটাত ৷ বৰপেটাত উপস্থিত হৈ দুই মাতৃ পুত্ৰই দৰশন কৰে বৰপেটা সত্ৰ ৷ সত্ৰৰ চৌদিশ ঘুৰি ফুৰি সত্ৰৰ কীৰ্তনঘৰৰ বেৰত অংকিত ধৰ্মীয় চিত্ৰসমুহ নয়নভৰি উপভোগ কৰে ৷ পিছে কীৰ্তনঘৰৰ ভিতৰত নাৰীৰ প্ৰৱেশত বাধা থকাৰ বাবেই কৃষ্ণ কুমাৰে কীৰ্তনঘৰৰ ভিতৰত প্ৰবেশ নকৰি বাহিৰৰ পৰাই সেৱা জনালে গুৰুজনালৈ ৷
বৰপেটা সত্ৰত উপস্থিত হৈ দুয়ো মাতৃ পুত্ৰই জনালে অসমৰ মানুহৰ মৰমত আপ্লুত হৈ পৰাৰ কথা ৷ আনহাতে বৰপেটা সত্ৰ দৰশন কৰি অভিভূত হৈ পৰা বুলিও প্ৰকাশ কৰে মাতৃ পুত্ৰই ৷ এখন স্কুটাৰত দেশ বিদেশ ভ্ৰমি পবিত্ৰ তীৰ্থস্থানসমুহ দৰশন কৰি ফুৰা এই আধুনীক শ্ৰৱন কুমাৰে কলে- প্ৰতিজন সন্তান হওক একো একোজন শ্ৰৱন কুমাৰ ৷ তেওৰ আশা- হয়তো অহা পাঁচ মাহৰ ভিতৰতে সম্পূৰ্ণ হব ভাৰত ভ্ৰমণৰ দুবছৰীয়া এই পবিত্ৰ যাত্ৰাৰ ৷

Conclusion:বাইটঃ পুত্ৰ আৰু মাতৃ ৷

---- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.