বৰপেটা, 10 নৱেম্বৰ : কেন্দ্ৰ আৰু বিহাৰত বিজেপি চৰকাৰ থকাৰ পিচতো বিজেপিয়ে ধনবল আৰু বাহুবল প্ৰয়োগ কৰি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিৰ্বাচনী সভাবোৰত যিমানবোৰ আচনি দিম বুলি ঘোষণা কৰিছিল তাৰমাজতো, এনডিএ আৰু মহাজোঁটবন্ধনৰ মাজত তলা তুমুল প্ৰতিদ্বন্দিতাই ভৱিষ্যতে ভাৰতবৰ্ষত বিজেপি ধূলিসাৎ হোৱাৰ আগজাননী বুলি মন্তব্য বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ ৷
বিহাৰৰ নিৰ্বাচনী প্ৰভাৱ অসমতো পৰিব : বিধায়ক জাকিৰ হুছেইন শিকদাৰ বিহাৰৰ নিৰ্বাচনী ফলাফলে কংগ্ৰেছক আশাবাদী কৰি তোলা বুলি দাবী কৰে বিধায়কগৰাকীয়ে ৷ বিহাৰৰ ফলাফলে আগন্তুক দিনত কংগ্ৰেছৰ ভাল দিন আৰু বিজেপিৰ বেয়া দিন অহাৰ ইংগিত দিছে ৷ অসমতো বিহাৰ নিৰ্বাচনৰ প্ৰভাৱ পৰিব ৷ অসমৰ গাঁৱৰ ৰাইজৰ মাজতো আমেৰিকাৰ নিৰ্বাচনৰ খবৰ লোৱাৰ প্ৰৱনতা আৰম্ভ হৈছে ৷ তেনেক্ষেত্ৰত বিহাৰৰ ফলাফলে অসমত বিশেষ প্ৰভাৱ পেলাব ৷ বিহাৰ নিৰ্বাচনৰ ফলাফলে প্ৰতিটো মুহূৰ্ততে কংগ্ৰেছ কৰ্মীসকলক শক্তিশালী কৰি তুলিছে ৷ বিহাৰত প্ৰতিদ্বন্দিতাই নহ'ব বুলি ভবাৰ সময়তে 31 বছৰীয়া এজন যুৱকে বিজেপিক ঘোটে ঘোটে পানী খুৱাই দিছে ৷ বিহাৰ নিৰ্বাচনৰ ফলাফলক লৈ উৎফুল্লিত অসমৰ কংগ্ৰেছীসকলে সমাগত নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধিলে বুলিও মন্তব্য বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ ৷
লগতে পঢ়ক : বিহাৰ বিধানসভা নিৰ্বাচনী ফলাফল 2020 : নেতাৰ প্ৰতিক্ৰিয়া