বৰপেটা, 20 মে’: ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম বাঘবৰৰ ঐতিহ্যমণ্ডিত বৈঠাপুতা ঘাট সত্ৰ ৷ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত এই সত্ৰখন ৰক্ষাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনাইছে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে (Sherman Ali calls on to save historic Boithaputa Ghat satra) ৷
শুকুৰবাৰে বাঘবৰৰ বৈঠাপুতা ঘাট সত্ৰখনৰ খহনীয়া পৰিদৰ্শনৰ পিচতে বিধায়ক আহমেদে বৰপেটা প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই সত্ৰখনলৈ নমাই অনা ভাবুকিৰ বিষয়ে উল্লেখ কৰি এই ইতিহাস বিজড়িত সত্ৰখন ৰক্ষাৰ বাবে ৰাজ্য চৰকাৰক তৎকালে ব্যৱস্থা লোৱাৰ আহ্বান জনায় ৷
সংবাদমেলখনত বিধায়কগৰাকীয়ে সত্ৰখনৰ লগতে তাত বাস কৰি অহা খিলঞ্জীয়া বড়ো পৰিয়ালসমূহৰ মাজৰে কেবাটাও পৰিয়ালৰ ঘৰবাৰী ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যোৱাৰ কথা উল্লেখ কৰে ৷ ইপিনে এই সংবাদমেলখনৰ জৰিয়তে খহনীয়াত জাহ যোৱা পৰিয়ালসমূহক চৰকাৰী সাহাৰ্য প্ৰদানৰো আহ্বান জনাই বিধায়ক শ্বেৰমান আলী আহমেদে ৷
লগতে পঢ়ক: অৰুণাচলৰ নেচিফুত ভূমিস্খলন; আহত দুই সাংবাদিক