জনীয়া, 29 জুলাই: বৰপেটাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে শুকুৰবাৰে জিলাখনৰ কৰাৰকুৰত উপস্থিত হৈ বেঁকী নৈৰ গৰাখহনীয়া পৰিদৰ্শন কৰে(MLA Ranjit kumar Das visited Barpeta Flood affected area) । উল্লেখ্য যে, কলগাছিয়াৰ কৰাৰকুৰত ২ নং বিকল্প ৰাজ্যিক ঘাইপথটো দুমাহ পূৰ্বে বেঁকী নৈৰ গৰাখহনীয়াৰ কৱলত পৰাত বৰপেটা জিলা প্ৰশাসনৰ নিৰ্দেশত জলসম্পদ বিভাগে পথটো ৰক্ষা কৰাৰ বাবে তৎকালীনভাৱে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কাম আৰম্ভ কৰিছিল ।
গৰাখহনীয়া প্ৰতিৰোধৰ কাম লেহেমীয়া হোৱাত দুদিন পূৰ্বে নিশা হোৱা বৰষুণত পুনৰ পথটো বেঁকী নৈৰ খহনীয়াৰ কৱলত পৰি আধা অংশৰো বেছি পথ বেঁকী নৈৰ বুকুত জাহ যায় । বৰপেটাৰ অভিভাৱক ৰণজিৎ কুমাৰ দাসে আজি কৰাৰকুৰত উপস্থিত হৈ বেঁকী নৈৰ গৰাখহনীয়া পৰিদৰ্শন কৰে(MLA Ranjit kumar Das visited Barpeta) ।
-
Inspected the road constructed by World Bank connecting Barpeta to Bongaigaon that was disrupted by overflowing of Beki river under Jania area in Barpeta district.
— Ranjeet Kumar Dass (@RanjeetkrDass) July 29, 2022 " class="align-text-top noRightClick twitterSection" data="
Directed the Water Resource Department to take necessary measures immediately. pic.twitter.com/zgwGcXPb0N
">Inspected the road constructed by World Bank connecting Barpeta to Bongaigaon that was disrupted by overflowing of Beki river under Jania area in Barpeta district.
— Ranjeet Kumar Dass (@RanjeetkrDass) July 29, 2022
Directed the Water Resource Department to take necessary measures immediately. pic.twitter.com/zgwGcXPb0NInspected the road constructed by World Bank connecting Barpeta to Bongaigaon that was disrupted by overflowing of Beki river under Jania area in Barpeta district.
— Ranjeet Kumar Dass (@RanjeetkrDass) July 29, 2022
Directed the Water Resource Department to take necessary measures immediately. pic.twitter.com/zgwGcXPb0N
পৰিদৰ্শন কালত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে কয় যে, বেঁকী নৈৰ গৰাখহনীয়াৰ বাবেই বৰপেটা-অভয়াপুৰীলৈ যোৱা বিকল্প ২ নং ৰাজ্যিক ঘাইপথটোত যাতায়াত ব্যাহত হৈ পৰিছে ।
তেওঁ এই যাতায়াত ব্যৱস্থা অক্ষুন্ন ৰাখিবলৈ বিকল্প পথ নিৰ্মাণ কৰা হ’ব বুলি জানিবলৈ দিয়ে । ইয়াৰোপৰি বেঁকী নৈৰ মাটি বালিচহীয়া হোৱাৰ বাবেই গৰাখহনীয়া হৈ থাকে বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী সময়ত বেঁকী নৈৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ আশ্বাস দিয়ে ৷
লগতে পঢ়ক : কলগাছিয়াত বেঁকী নৈৰ বুকুত বিলীন 15 টাকৈ পৰিয়ালৰ ঘৰ-ভেটি