বৰপেটা, 26 এপ্ৰিল : ‘‘মোৰ বিৰুদ্ধে বিজেপি-আৰএছএছে ষড়যন্ত্ৰ কৰিছে ৷ কিন্তু মই হাৰ নামানো ৷ যুঁজি যাম’’- মঙলবাৰে বৰপেটা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত সাংবাদিকৰ আগত এই মন্তব্য কৰে গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীয়ে (MLA Jignesh mevani Barpeta district judicial court) ৷
উল্লেখ্য যে, কোকৰাঝাৰৰ গোচৰত জামিন পোৱাৰ পাচত বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গুজৰাটৰ দলিত নেতা গৰাকীক (Jignesh Mevani arrested by Barpeta Police) ৷ ভাৰতীয় দণ্ডবিধি আইনৰ 294/323/353/354 নং ধাৰাত বৰপেটাৰোড আৰক্ষী থানাত ৰুজু হোৱা 81/2022 নং গোচৰৰ ভিত্তিত দ্বিতীয়বাৰৰ বাবে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জিগনেশ মেৱানীক (Jignesh Mevani rearrested by Assam police) ৷
লগতে পঢ়ক : Jignesh Mevani latest news : বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে জিগনেশ মেৱানীক
চলিত বৰ্ষৰ 21 এপ্ৰিলত এজন চৰকাৰী কৰ্মচাৰীক দায়িত্ব পালনত বাধা দিয়া আৰু এগৰাকী মহিলা আৰক্ষী বিষয়াক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগত জিগনেশ মেৱানীৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল এক গোচৰ ৷ এই গোচৰৰ ভিত্তিতেই বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে (Jignesh Mevani arrested for assaulting officials) ।
এই গোচৰৰ তদন্তৰ খাতিৰতে মঙলবাৰে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে কংগ্ৰেছৰ বিধায়ক তথা দলিত নেতাগৰাকীক অনা হয় বৰপেটা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদলৈ (Jignesh mevani present in Barpeta district judicial court) ৷
লগতে পঢ়ক : জিগনেশ মেৱানীক পুনৰ গ্ৰেপ্তাৰক লৈ কংগ্ৰেছ, কৃষক মুক্তিৰ ক্ষোভ প্ৰকাশ