বৰপেটা, 3 জুন : লংকাৰ উদালিত চিকিৎসকক বৰ্বৰভাৱে কৰা দলবদ্ধ আক্ৰমণক গৰিহণা দিছে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে । জীৱন-পণ যুঁজ দি চিকিৎসকসকলে ক’ভিডৰ বিৰুদ্ধে যুঁজ দি থকাৰ সময়তে চিকিৎসকৰ গাত হাত উঠোৱা কাৰ্যতকৈ ডাঙৰ অপৰাধ একো হ’ব নোৱাৰে বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়কগৰাকীয়ে ।
আনহাতে, ঘটনাৰ সৈতে জড়িত অভিযুক্ত কেইজনক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে বিধায়ক জাকিৰ হুছেইন শিকদাৰে । তেওঁ কয় যে, বিবেচনা থকা লোকে এনে কাম কৰিব নোৱাৰে । মানসিক ৰোগীয়েহে এনে কাম কৰিব পাৰে ৷ পৰৱৰ্তী সময়ত যাতে এনে কাণ্ড সংঘটিত নহয়, তাৰ বাবে সকলোকে সজাগ হ’বলৈও আহ্বান জনায় বিধায়কগৰাকীয়ে ৷
লগতে পঢ়ক : কৰ'ণাত আক্ৰান্ত হৈ কোকৰাঝাৰত কোচ ৰাজবংশী নেতাৰ মৃত্যু