ETV Bharat / state

শীঘ্ৰে মেৰামতি কৰক বৰপেটা ৰাজ্যিক ঘাইপথচোৱা: ড৹ হাফিজ ৰফিকুল ইছলাম - ড৹ হিমন্ত বিশ্ব শৰ্মা

জহি-খহী যোৱাৰ উপক্ৰম ঘটিছে কলগাছিয়াৰ শওঁপুৰ বেঁকী দলঙৰ কাষতে থকা ৰাজ্যিক ঘাইপথচোৱা (Poor condition of national highway in barpeta district)। অসমৰ মুখ্যমন্ত্ৰীক অতি সোনকালে মেৰামতি কৰাৰ দাবী, জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ ।

শীঘ্ৰে মেৰামতি কৰক বৰপেটা ৰাজ্যিক ঘাইপথচোৱা : ড৹ হাফিজ ৰফিকুল ইছলাম

author img

By

Published : Feb 8, 2022, 9:25 PM IST

জনীয়া, 8 ফেব্ৰুৱাৰী : জহি-খহী যোৱাৰ উপক্ৰম ঘটিছে কেইাবাটাও ৰাজ্যিক ঘাইপথত ৷ বিশেষকৈ কলগাছিয়াৰ শওঁপুৰ বেঁকী দলঙৰ কাষত থকা ৰাজ্যিক ঘাইপথৰ অৱস্থা হৈছেগৈ অতি সুচনীয় (Poor condition of national highway in barpeta district) ৷ লোক নিৰ্মাণ বিভাগৰ দায়িত্বত থাকিও সুচাৰুৰূপে কাম কৰিব পৰা নাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ শীঘ্ৰে ৰাজ্যিক ঘাইপথসমূহ মেৰামতি কৰিবলৈ দাবী জনাইছে জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে ৷

বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ শওঁপুৰ বেকী দলঙৰ নিচেই নিলগতে থকা বেঁকী নৈৰ বিধ্বংসী গৰাখহনীয়াৰ (Beki river erosion) ফলত ৰাজ্যিক ঘাইপথটো নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঘটিছে । প্ৰশাসনে জিঅ’ বেগৰ জৰিয়তে সাময়িকভাৱে প্ৰতিৰোধৰ ব্যৱস্থা হাতত লৈছিল যদিও বিশেষ ফলপ্ৰসূ হোৱা নাই । ফলত কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা ৰাজ্যিক ঘাইপথৰ লগতে ঘাইপথচোৱাৰ কাষতে থকা চৰকাৰী আদৰ্শ বিদ্যালয়খনৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হৈছে ।

শীঘ্ৰে মেৰামতি কৰক বৰপেটা ৰাজ্যিক ঘাইপথচোৱা : ড৹ হাফিজ ৰফিকুল ইছলাম

মনকৰিবলগীয়া যে, কৰাৰকুৰ বেকী দলঙৰ পৰা বামুনটাৰীলৈ যোৱা ৰাজ্যিক ঘাইপথ চোৱাৰ বিভিন্ন অংশত মেলিছে বৃহৎ ফাঁট ৷ ফলত শংকিত হৈছে অঞ্চলটোৰ ৰাইজে ৷ ইতিমধ্যে এই পথচোৱাৰে গধূৰ যান-বাহন চলাচল কৰাতো নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে ৷

আনহাতে, নামনি অসমৰ অতি গুৰুত্বপূৰ্ণ এই পথটি নিৰ্মাণ কৰোতে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন কৰিছে জনীয়াৰ বিধায় ড৹ হাফিজ ৰফিকুল ইছলামে ৷ এই প্ৰসংগত জনীয়াৰ বিধায়ক গৰাকীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ব্যক্তিগতভাৱে পত্ৰযোগে জনাইছে এই কথা ৷ কিন্তু এই সন্দৰ্ভত অঞ্চলটোৰ ৰাইজহে কোনোধৰণৰ উচিত ফল লাভ কৰা নাই ৷

সেয়ে অতি শীঘ্ৰেই ৰাজ্যিক ঘাইপথচোৱা মেৰামতি কৰি বৃহত্তৰ অঞ্চলৰ ৰাইজৰ বাবে যাতায়ত ব্যৱস্থা সুচল কৰি তুলিবলৈ বিভাগীয় কৰ্তৃপক্ষক সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাই জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে ।

লগতে পঢ়ক : ভয়াৱহভাৱে হ্ৰাস পাইছে লুইতৰ জলস্তৰ : ধুবুৰীত আবদ্ধ বাংলাদেশমুখী ৫৭খন জাহাজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.