ETV Bharat / state

ধৰ্মীয় অনুষ্ঠানৰ ক্ষেত্ৰত কঠোৰ হ'লেই স্তিমিত নহয় কৰ'ণাৰ সংক্ৰমণ : ডঃ হাফিজ ৰফিকুল ইছলাম - জনিয়াৰ বিধায়ক

কেৱল মন্দিৰ-মছজিদৰ বাবে নীতি-নিৰ্দেশনা কটকটীয়া কৰি, বাকী বজাৰ-চহৰ খুলি দিলে কৰ'ণাৰ সংক্ৰমণৰ পৰা মুক্তি পোৱাটো অসম্ভৱ ৷ ঈদৰ প্ৰাকমূহুৰ্তত এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে জনিয়াৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামে ৷

ডঃ হাফিজ ৰফিকুল ইছলাম
ডঃ হাফিজ ৰফিকুল ইছলাম
author img

By

Published : Jul 31, 2020, 10:35 AM IST

Updated : Jul 31, 2020, 11:01 AM IST

জনিয়া, 31 জুলাই: চৰকাৰী নীতি নিৰ্দেশনা মানি আগন্তুক ঈদত নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ আহ্বান জনিয়াৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামৰ ৷ মহামাৰী কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে এইবেলি মক্কাত হজ কৰা লোকৰ সংখ্যাও পূৰ্বতকৈ হ্ৰাস কৰা হয় ৷ সেয়েহে এই বাধ্যবাধকতাসমূহ যাতে সকলোৱে মানি চলে তাৰ বাবেও আহ্বান জনালে বিধায়কগৰাকীয়ে ৷ কিন্তু তাৰ মাজতে এক সমালোচনামূলক দৃষ্টিভংগীও বিধায়ক গৰাকীয়ে প্ৰকাশ কৰে সংবাদ মাধ্যমযোগে ৷

ধৰ্মীয় অনুষ্ঠানৰ ক্ষেত্ৰত কঠোৰ হ'লেই স্তিমিত নহয় কৰ'ণাৰ সংক্ৰমণ:ডঃ হাফিজ ৰফিকুল ইছলাম

কৰ'ণা মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ সময়তো বজাৰ-সমাৰত দেখিবলৈ পোৱা গৈছে অগণন লোকৰ ভিৰ ৷ এই ক্ষেত্ৰত প্ৰশাসনে দৃষ্টি নিক্ষেপ কৰাটো অতিকৈ প্ৰয়োজনীয় বুলি উল্লেখ কৰে তেওঁ ৷ আনকি ভিন্ন সংবাদ মাধ্যম বা ৰাজনৈতিক অনুষ্ঠানত নেতাসকলৰ লগতো দেখিবলৈ পোৱা গৈছে বহু লোকৰ সমাগম ৷ এই অভিযোগ উত্থাপন কৰে বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামে ৷ এনেবোৰ ক্ষেত্ৰতো কঠোৰ হ'বলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে ৷

বিধায়ক গৰাকীৰ মতে, কেৱল মন্দিৰ-মছজিদৰ বাবে নীতি-নিৰ্দেশনা কটকটীয়া কৰি, বাকী বজাৰ-চহৰ খুলি দিলে কৰ'ণাৰ সংক্ৰমণৰ পৰা মুক্তি পোৱাটো অসম্ভৱ ৷ চৰকাৰ প্ৰসাশনৰ ফালৰ পৰা বজাৰ-সমাৰ, ৰাজনৈতিক অনুষ্ঠান আদিৰ ক্ষেত্ৰতো নীতি-নিৰ্দেশনা কঠোৰ কৰিব লাগে বুলি কয় বিধায়ক গৰাকীয়ে ৷ কিয়নো কেৱল ধৰ্মীয় অনুষ্ঠান সমূহত সীমাবদ্ধতা ৰাখিলেই শেষ হৈ নাযায় কৰ'ণাৰ দ্ৰুত সংক্ৰমণ ৷ অৱশেষত পবিত্ৰ ঈদৰ প্ৰাকমূহুৰ্তত সকলোকে ভাতৃত্ববোধ বজাই ৰখাৰ আহ্বান জনোৱাৰ লগতে, সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে বিধায়ক গৰাকীয়ে ৷

লগতে পঢ়ক: তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত ১১৪ জন কৰ'ণাত আক্ৰান্ত !

Last Updated : Jul 31, 2020, 11:01 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.