ETV Bharat / state

বানাক্ৰান্তৰ বুজ লৈ চৰকাৰৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ বিধায়ক ৰহিম আহমেদৰ

আজি বানাক্ৰান্ত লোকৰ বুজ ল’বলৈ বৰপেটাত উপস্থিত হয় বৰপেটাৰ বিধায়ক ৰহিম আহমেদ (Barpeta MLA Rahim Ahmed)৷ বান পৰিস্থিতিৰ বুজ লৈ চৰকাৰৰ প্ৰতি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে বিধায়ক আহমেদে ৷ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে চূড়ান্ত গাফিলতি কৰাৰ অভিযোগ বৰপেটাৰ বিধায়কগৰাকীৰ ৷ চৰকাৰে পৰ্যাপ্ত পৰিমানে বান সাহাৰ্য নিদিয়াৰ অভিযোগ বিধায়ক গৰাকীৰ ৷

author img

By

Published : Jun 21, 2022, 10:04 PM IST

mla-abdul-rahim-ahmed-alleged-assam-govt-of-ignorance-flood-affected-people
বানাক্ৰান্তৰ বুজ লৈ চৰকাৰৰ প্ৰতি অসন্তুট বিধায়ক ৰহিম আহমেদ

বৰপেটা, 21 জুন: বানত ককবকাইছে ৰাজ্যৰ জনতা (Flood in Assam)৷ বৰ্তমানেও অপৰিবৰ্তিত ৰূপত ৰাজ্যৰ বান পৰিস্থিতি ৷ 34খন জিলাৰ ভিতৰত প্ৰায় 32খন জিলাই এতিয়া বানৰ কৱলত ৷ চাৰিওফালে কেৱল বানৰ ধ্বংসলীলা ৷ আজি বানাক্ৰান্ত লোকৰ বুজ ল’বলৈ বৰপেটাত উপস্থিত হয় বৰপেটাৰ বিধায়ক ৰহিম আহমেদ (Barpeta MLA Rahim Ahmed) ৷

উল্লেখ্য যে , বান পৰিস্থিতিৰ বুজ লৈ চৰকাৰৰ প্ৰতি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে বিধায়ক আহমেদে ৷ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত চৰকাৰ-প্ৰশাসনে চূড়ান্ত গাফিলতি কৰাৰ অভিযোগ বৰপেটাৰ বিধায়কগৰাকীৰ ৷ প্ৰশাসনে এসপ্তাহে শিবিৰসমুহত বান সাহাৰ্য হিচাপে কেৱল চাউল যোগান ধৰিছে যদিও দাইল, মিঠাতেল বা আন সামগ্ৰী প্ৰদান কৰা নাই শিবিৰত ৷ চৰকাৰে পৰ্যাপ্ত পৰিমানে বান সাহাৰ্য নিদিয়াৰ অভিযোগ বিধায়ক গৰাকীৰ ৷ আনকি শিশু খাদ্যৰো নাই যোগান ৷

জিলা প্ৰশাসনে বান সাহাৰ্য প্ৰদান নকৰা বিয়য়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহন কৰিবলৈ আহ্বান জনাইছে বৰপেটাৰ বিধায়ক ৰহিম আহমেদে ৷ জিলা প্ৰশাসন নিৰ্বিকাৰ আৰু চৰকাৰক শুই থকা বুলি মন্তব্য কৰে বৰপেটাৰ বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক: দোৰপাং নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে পকী দলং

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.