বৰপেটাৰোড, 25 অক্টোবৰ : কপালৰ ঘাম মাটিত পেলাই অশেষ কষ্টেৰে বিলাসীপাৰাৰ আকবৰ আলী আৰু নায়েব আলী নামৰ দুজন খেতিয়কে নিজ গৃহৰ সমীপৰ পল্লা নদীৰ পূৱ প্ৰান্তৰ গমুৰা পথাৰত ৬ বিঘা মাটিত বিলাহী, বেঙেনা, বন্ধা কবি, ওলকবি আৰু পানীলাওৰ খেতি কৰিছিল ৷ ফুলে ফলে শস্যবোৰ লহপহকৈ বৃদ্ধি পাই থকাৰ সময়তে যোৱা নিশা বিলাসীপাৰা গাঁৱৰে আক্কাচ আলী, আকাব্বৰ আলী, আয়নাল আলী, আক্ৰাম আলী,শিৰাজুল ইছলাম, মহিদুল ইছলাম, সুৰুতজ্জামাল আৰু আফজাল হুছেইনকে ধৰি আন কেইবাজনো দুৰ্বৃত্তই খেতিয়কদ্বয়ৰ শাক-পাচলিৰ খেতি সমূহ কাটি তহিলং কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৷
আন নিশাৰ দৰে যোৱা নিশাও প্ৰায় ১০ বজাত আকবৰ আলী নামৰ খেতিয়ক জনে নিজৰ খেতিত গৈ উপস্থিত হৈছিল ৷ সেই সময়তে ১৪/১৫ জনীয়া দুৰ্বৃত্তৰ বৃহৎ দল এটাই দা কাচি বাগী আদি লৈ শাকপাচলিৰ খেতি সমূহ কাটি থকা আকবৰ আলীয়ে টৰ্চ লাইটৰ পোহৰত প্ৰত্যক্ষ কৰে ৷ দুৰ্বৃত্তৰ দলটোৱে টৰ্চ লাইটৰ পোহৰ দেখি পলায়ন কৰে যদিও আকবৰ আলীয়ে টৰ্চ লাইটৰ পোহৰত উল্লেখিত দুৰ্বৃত্ত সকলক চিনি পাবলৈ সক্ষম হয় ৷
আকবৰ আলী আৰু নায়েব আলীৰ নামৰ খেতিয়কদ্বয়ৰ শাক-পাচলিৰ খেতি দুৰ্বৃত্তই এইদৰে কাটি তহিলং কৰাৰ খবৰ নিশাই আকবৰ আলীয়ে বিলাসীপাৰাৰ গাঁওবুঢ়াৰ লগতে গাওঁবাসীক দিয়াত গাওঁবাসী হতভম্ব হৈ পৰে ৷ কিছুদিন পূৰ্বে এই দুৰ্বৃত্তৰ পৰিয়ালটোৰ এজন লোকে গাঁৱৰেই এগৰাকী যুৱতীক পলুৱই নিছিল ৷ কিন্তু পলুৱাই নিয়া যুৱতী গৰাকীক পিতৃয়ে খেতিয়কদ্বয়ৰ দিহা মতে উভতাই অনা বুলি সন্দেহ কৰিয়ে নিশাৰ আন্ধাৰত ৬ বিঘাকৈ মাটিৰ শাক-পাচলিৰ খেতি কাটি তহিলং কৰিছে বুলি জানিব কৰা গৈছে ৷
সম্প্ৰতি অভিযুক্ত লোকসকল পলায়ন কৰি থকা বুলিও জানিব পৰা গৈছে ৷ এই ঘটনা সন্দৰ্ভত অভিযুক্ত দুৰ্বৃত্তৰ দলটোৰ বিৰুদ্ধে খেতিয়কদ্বয়ে বৰপেটা ৰোড আৰক্ষী থানাত গোচৰ তৰিছে ৷ ইপিনে এই জঘন্য ঘটনাক তীব্ৰ নিন্দা কৰিছে বৰপেটা জিলা আমছুৱেও ৷ আমছুৰ বৰপেটা জিলা সমিতিৰ সভাপতি ছফিউৰ ৰহমানে কয়, খেতিয়কদ্বয়ে নিজৰ গৰু ছাগলী বিক্ৰী কৰি অশেষ কষ্টৰে কৰা শাক-পাচলিৰ খেতি কাটি তহিলং কৰা দুৰ্বৃত্তক অতি শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ শাস্তি বিহিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে ৷
লগতে পঢ়ক : NDRF আৰু ৰান ফৰ ইউনিটিৰ সহযোগত ধেমাজিত একতাৰ দৌৰ সম্পন্ন