বৰপেটা, ৩ জুলাই : বৃহস্পতিবাৰে নাবালিকা ধৰ্ষণৰ অভিযোগত মাজদিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হৰমুজ আলী নামৰ এজন লোকক । অভিযোগ অনুসৰি, বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মাজদিয়াৰ হৰমুজ আলীৰ কামনাৰ বলি হৈছিল এগৰাকী আঠ বছৰীয়া নাবালিকা । মাজদিয়া গাঁৱৰ প্ৰয়াত জাদু আলীৰ পুত্ৰ হৰমুজ আলীৰ বিৰুদ্ধে নাবালিকাগৰাকীৰ পৰিয়ালে 27 জুনত মাজদিয়া আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে । তেতিয়াৰ পৰাই পলাতক হৈ আছিল পঞ্চাছৰ উৰ্ধ্বৰ হৰমুজ আলী ।
লগতে পঢ়কঃ বিহাৰত বজ্ৰপাত পৰি ২৬ মৃত্যুঃ শোক প্ৰকাশ গৃহমন্ত্ৰী অমিত শ্বাহৰ
সৰ্থেবাৰী আৰক্ষী থানাত 219/2020 নম্বৰত আৰু pocso আইনৰ অধীনত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত হৰমুজ আলীক গোপন খবৰৰ ভিত্তিত বৰপেটা জিলাৰ চেঙাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । উল্লেখ্য যে 25 জুনত এগৰাকী দ্বিতীয় শ্ৰেণীৰ ছাত্ৰীকো নিজ ঘৰলৈ টিভি দেখুৱাবলৈ বুলি ফুচুলাই নি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল হৰমুজ আলীৰ বিৰুদ্ধে । নাবালিকাক ধৰ্ষণৰ অভিযোগত অভিযুক্ত হৰমুজ আলীক আৰক্ষীয়ে বৰপেটা আদালতলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ৷