ETV Bharat / state

শিক্ষক-শিক্ষাৰ্থীৰে নহয় গুণোৎসৱ মোৰ বাবেও এটা পৰীক্ষা: ডাঃ ৰণোজ পেগু - Assam Gunotsav

Minister Ranoj Pegu attending Gunotsav: বৃহস্পতিবাৰে বৰপেটাৰ কেওঁটকুছি মজলীয়া বিদ্যালয়ৰত উপস্থিত হয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ৷ গুণোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷ গুণোৎসৱক লৈ বিশেষ ভয় কৰিব নালাগে বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

Minister Ranoj Pegu attends Gunotsav at Keotkuchi M School
শিক্ষক শিক্ষাৰ্থীৰে নহয় গুণোৎসৱ মোৰ বাবেও এটা পৰীক্ষা
author img

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 2:08 PM IST

শিক্ষক শিক্ষাৰ্থীৰে নহয় গুণোৎসৱ মোৰ বাবেও এটা পৰীক্ষা

বৰপেটা, 4 জানুৱাৰী : সমগ্ৰ ৰাজ্যতে 3 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে 2024 বৰ্ষৰ গুণোৎসৱ ৷ বুধবাৰে শিক্ষানুষ্ঠানবোৰত স্ব-মূল্যায়ন অনুষ্ঠিত হোৱাৰ পিছত বৃহস্পতিবাৰৰ পৰা বিদ্যালয়সমূহত বহিঃমূল্যায়ন আৰম্ভ হৈছে ৷ আজি বৰপেটাৰ কেওঁটকুছি মজলীয়া বিদ্যালয়ৰ পুৱা নিয়মীয়া প্ৰাতঃসভাত অংশ লয় শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৷ প্ৰাতঃসভাৰ পিছতে বহিঃমূল্যায়নত ডাঃ পেগুৱে গুণোৎসৱ সম্পৰ্কে ছাত্ৰ-ছাত্ৰীক প্ৰশ্ন কৰে ৷

ইফালে আজি বিদ্যালয়খনত অনুষ্ঠিত হোৱা গুণোৎসৱৰ বহিঃমূল্যায়নত উপস্থিত থাকি গুণোৎসৱৰ সম্পৰ্কে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী পেগুৱে ৷ তেওঁ কয়, ‘‘গুণোৎসৱক লৈ বিশেষ ভয় কৰিব নালাগে ৷ গুণোৎসৱ অকল ছাত্ৰ-ছাত্ৰীৰ বাবেই নহয়, এয়া বিদ্যালয় পৰিচালনা সমিতি, শিক্ষক, চৰকাৰী শিক্ষা ব্যৱস্থা আৰু চৰকাৰখনৰ লগতে মোৰ বাবেও এক পৰীক্ষা ৷’’

মন্ত্ৰী পেগুৱে কয়, ‘‘তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা গুণোৎসৱৰ মূল্যায়ন এইবাৰ ডিজিটেলাইজেচন কৰা হৈছে ৷ গুণোৎসৱত অংশ লোৱা মূল্যায়কসকলক লৈ ব্যস্ত নহ’ব বিদ্যালয়ৰ শিক্ষকসকল ৷ সাধাৰণভাৱে আৰু গামোচাৰে আদৰণি জনাব বিদ্যালয় কৰ্তৃপক্ষই ৷ কোনো আমিষ আহাৰ ব্যৱহাৰ কৰিব নোৱাৰিব ৷ মধ্যাহ্ন ভোজনত ছাত্ৰ-ছাত্ৰীক যি দিয়া হয় সেই আহাৰে মূল্যায়কসকলকো দিব লাগিব ৷’’

ইপিনে গুণোৎসৱত গ্ৰেড পোৱা সকলক এই বছৰো 25 হাজাৰ টকাৰ অনুদান আগবঢ়োৱাৰ কথাও ঘোষণা কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ ৰাজ্যত চৰকাৰী বিদ্যালয়ৰ সংখ্যা হ্ৰাস পোৱাৰ সম্পৰ্কত শিক্ষামন্ত্ৰীয়ে কয়, ‘‘2017 চনত প্ৰথম গুণোৎসৱ অনুষ্ঠিত হোৱাৰ সময়ত ৰাজ্যত বিদ্যালয়ৰ সংখ্যা আছিল 48 হাজাৰ ৷ এই বছৰ গুণোৎসৱ অনুষ্ঠিত হোৱা বিদ্যালয়ৰ সংখ্যা 43 হাজাৰ ৷ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা শূন্য হোৱাৰ বাবেই বহু বিদ্যালয়ত গুণোৎসৱ অনুষ্ঠিত হোৱা নাই ৷’’

ইপিনে বৰপেটা জিলাৰ কলগাছিয়াত এগৰাকী প্ৰধান শিক্ষয়িত্ৰীক এজন উদণ্ড যুৱকে প্ৰহাৰ কৰা সম্পৰ্কেও মন্তব্য কৰি তেওঁ কয়, ‘‘ইতিমধ্যে ঘটনাটোৰ সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছে আৰু অভিযুক্তক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়া হৈছে ৷ ভুক্তভোগী শিক্ষয়িত্ৰীক বদলি কৰাটোৱে সমাধান নহয়, নিৰাপত্তা সুনিশ্চিত কৰাৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰা হৈছে ৷’’

উল্লেখ্য যে, বৰপেটা জিলা শিক্ষা বিভাগৰ অধীনত এইবাৰ মুঠ 2,042 খন শিক্ষানুষ্ঠানত প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ গুণোৎসৱ অনুষ্ঠিত হৈছে ৷ গুণোৎসৱত ভাগ লোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ'ল 2 লাখ ৩০ হাজাৰ 224 গৰাকী ৷ বহিঃমূল্যায়নৰ বাবে 931 গৰাকী বহিঃমূল্যায়ক নিয়োগ কৰা হৈছে বুলি জিলা শিক্ষা বিভাগে জানিবলৈ দিছে ৷

লগতে পঢ়ক : বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীক চেণ্ডেলেৰে গুৰুলা-গুৰুলকৈ প্ৰহাৰ উদণ্ড যুৱকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.