ETV Bharat / state

গৰাখহনীয়া পৰিদৰ্শন কৰি কি ক’লে মন্ত্ৰী পীযুষ হাজৰিকাই ? - গৰাখহনীয়া

বুধবাৰে পাঠশালাত উপস্থিত হৈ কালদিয়া নৈৰ(Kaldia River) গৰাখহনীয়া(Erosion) পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ(Pijush Hazarika) ৷ মথাউৰি নিৰ্মাণৰ বাবে ইতিমধ্যে কেবাটাও প্ৰাক্ কলন প্ৰস্তুত কৰা বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

minister pijush hazarika at pathsala
পাঠশালাত পীযুষ হাজৰিকা
author img

By

Published : Aug 26, 2021, 9:44 AM IST

পাঠশালা, 26 আগষ্ট : প্ৰকৃতিৰ সৈতে যুঁজ দিয়া সম্ভৱ নহয় ৷ কিন্তু অসমক বানমুক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত থাকিব ৷ বুধবাৰে বজালীৰ পাঠশালাত উপস্থিত হৈ এইদৰে মন্তব্য কৰে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই(Pijush Hazarika) ৷ কালদিয়া নৈৰ(Kaldia River) কেইবাঠাইতো গৰাখহনীয়া(Erosion) পৰিদৰ্শন কৰাৰ উদ্দেশ্যে বুধবাৰে পাঠশালাত উপস্থিত হৈছিল মন্ত্ৰী পীযুষ হাজৰিকা ৷

পাঠশালাত পীযুষ হাজৰিকা

লগতে পঢ়ক: গৰু চিণ্ডিকেটৰ ন্যায়িক তদন্ত বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ অসম জাতীয় পৰিষদৰ

মন্ত্ৰীগৰাকীক সংগ দিয়ে পাটাছাৰকুছিৰ বিধায়ক তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাস(Ranjeet Kumar Das) তথা বজালীৰ জিলা উপাযুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে ৷ জলসম্পদ বিভাগৰ(Water Resources Department) আওতাত নপৰা কালদিয়া নৈৰ মথাউৰি নিৰ্মাণৰ বাবে ইতিমধ্যে কেবাটাও প্ৰাক্ কলন প্ৰস্তুত কৰা হোৱা বুলি মন্ত্ৰী হাজৰিকাই জানিবলৈ দিয়ে ।

পাটাছাৰকুছি, জালিখাটা, হেলনা আদি অঞ্চলৰ কেইবাখনো ঠাইৰ ভগ্ন মথাউৰি অংশ পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই । আনহাতে পাটাছাৰকুছি সমষ্টিক ৰাজ্যৰ ভিতৰতে উন্নয়নৰ দিশত চকুত লগা কৰিব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰী হাজৰিকাই ৷

লগতে পঢ়ক: জীৱন মৃত্যুৰে যুঁজি যুঁজি হাৰি গ’ল নন্দিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.