ETV Bharat / state

মহীৰূহ গোকুল পাঠকৰ গৃহত উপস্থিত মন্ত্ৰী নৱ কুমাৰ দলে ! - বৰপেটা

মঙলবাৰে বৰপেটাত গোকুল পাঠকৰ গৃহত উপস্থিত হয় ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে । গোকুল পাঠকৰ গৃহত উপস্থিত হৈ শিল্পী সাহিত্যিক গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে, শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জনায় মন্ত্ৰীগৰাকীয়ে ।

minister naba kumar doley visited gakul pathak's home

author img

By

Published : May 12, 2020, 8:54 PM IST

বৰপেটা, 12 মে': বৰপেটাৰ সমাজ জীৱনৰ মহীৰূহ, বৰপেটা ৰত্ন, সাহিত্যিক সাংবাদিক, শিল্পী গোকুল পাঠকৰ যোৱা দেওবাৰে নিশা দেহাৱসান ঘটাৰ পিচত সোমবাৰে ৰাজ্যিক মৰ্যাদাৰে তেওঁৰ শেষকৃত্য সমাপন কৰা হয় । সাহিত্যিকগৰাকীৰ মৃত্যুৰ পিচতে আজি সাংস্কৃতিক, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দায়িত্বত থকা মন্ত্ৰী নৱ কুমাৰ দলে উপস্থিত হয় স্বৰ্গীয় মহীৰূহ গৰাকীৰ গৃহত । গোকুল পাঠকৰ গৃহত উপস্থিত হৈ পৰিয়ালৰ সৈতে দীৰ্ঘসময় বাৰ্তালাপ কৰে মন্ত্ৰী গৰাকীয়ে ।

মহীৰূহ গোকুল পাঠকৰ গৃহত উপস্থিত মন্ত্ৰী নৱ কুমাৰ দলে

লোক সংগীত আৰু সত্ৰীয়া সংস্কৃতিৰ সাধনা আৰু প্ৰচাৰ-প্ৰসাৰকে জীৱনৰ ব্ৰত হিচাপে লোৱা গোকুল পাঠকে পুনৰুদ্ধাৰ কৰা, ভাতকুছি সত্ৰৰ উন্নয়নৰ বাবে ব্যৱস্থা ল'বলৈ পৰিয়ালৰ লোকে মন্ত্ৰীগৰাকীক অনুৰোধ জনায় । আনহাতে গোকুল পাঠকৰ সমাধিস্থলীত সাহিত্যিকগৰাকীৰ প্ৰতিমূৰ্তি স্থাপন কৰা, সমাধিক্ষেত্ৰত এখন উদ্যান নিৰ্মাণ কৰাৰ লগতে, শিল্পীগৰাকীৰ নামত এটা সংগ্ৰহালয় স্থাপনৰ কৰিবলৈ বৰপেটাবাসীৰ হৈ, অংকুৰম হাস্পতালৰ পৰিচালন সঞ্চালক মুকুটৰঞ্জন দাসে মন্ত্ৰীগৰাকীক আহ্বান জনায় । আনহাতে গোকুল পাঠকৰ পৰিয়ালটোৰ দুৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি, তেখেতৰ এগৰাকী নাতিক সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰাৰো আশ্বাস প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়কঃ ধাত্ৰীসকল ভগৱানৰ বাৰ্তাবাহক : অজিত পাৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.