বৰপেটা , 25 অক্টোবৰঃ ৰাজ্যৰ বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা শুকুৰবাৰে দিনযোৰা কাৰ্যসূচীৰে উপস্থিত হয় সৰভোগ সমষ্টিৰ বৰপেটা ৰোডত ৷ বৰপেটাৰোডৰ শংকৰদেৱ শিশু নিকেতনত উপস্থিত হৈ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ সম্বৰ্দ্ধনা সভাত অংশ লৈ কয় মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীয়ে যাতে আগন্তুক বৰ্ষৰ পৰাই শংকৰদেৱ শিশু নিকেতনতেই একাদশ আৰু দ্বাদশ শ্ৰেণীত অধ্যয়ন কৰি নিজৰ জীৱনৰ লক্ষ্যত উপনীত হব পাৰে,তাৰ বাবে উপদেশ দিয়ে ৷ বৰপেটাৰোডৰ শংকৰদেৱ শিশু নিকেতনৰ পৰাই এই যাত্ৰা আৰম্ভণি হোৱাৰ কথা উল্লেখ কৰি ৰাজ্যখনত থকা প্ৰতিখন শংকৰদেৱ শিশু নিকেতনত পৰ্যায় ক্ৰমে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰাৰ কথা দোহাৰে মন্ত্ৰী গৰাকীয়ে ৷ বৰপেটাৰোডৰ শংকৰদেৱ শিশু নিকেতনত আগন্তুক বৰ্ষৰ পৰা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদানৰ আন্তগাথনিৰ বাবে 25 লাখ টকাৰ অনুদান ঘোষণা কৰে মন্ত্ৰী গৰাকীয়ে ৷ উল্লেখযোগ্য যে, ইতিমধ্যে বৰপেটাৰোডৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰাৰ্থনা গৃহৰ বাবে আনটাইড ফাণ্ডৰ পৰা দহ লাখ টকা অনুদান ৰাজ্য চৰকাৰে আগবঢ়াইছে ৷

ইয়াৰ পাছতেই মন্ত্ৰী গৰাকীয়ে বৰপেটাৰোডৰ ৰেলৱে লাইনৰ ওপৰত নিৰ্মাণ কৰি থকা অভাৰ ব্ৰীজৰ কাম-কাজ পৰিদৰ্শন কৰি বুজ লয় ৷ অভাৰ ব্ৰীজ নিৰ্মাণৰ কাম কাজ পৰিদৰ্শন কৰি বৰপেটাৰোডৰ ৰেলৱে অভাৰ ব্ৰীজৰ কাম পৃৰ্ণ গতিত চলি থকাত সন্তোষ প্ৰকাশ কৰি নিৰ্বাচনৰ পূৰ্বেই ৰেলৱে অভাৰ ব্ৰীজখন মুকলি কৰাৰো আশ্বাস প্ৰদান কৰে ৷ সৰভোগৰ বিধায়ক ৰণজিৎ কুমাৰ দাসৰ তৎপৰতাত ৰেলৱে ব্ৰীজৰ দৰে ডাঙৰ প্ৰজেক্ট লোৱাৰ বাবে বিধায়ক তথা বিজেপিৰ সভাপতি গৰাকীক শলাগ লয় মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰী গৰাকীয়ে বৰপেটাৰোডৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা গড়কাপ্তানী পথছোৱাৰ ছাফাকামাৰত বেকী নৈৰ গৰাখহনীয়াত জাহ যোৱা ঠাই পৰিদৰ্শন কৰি গৰাখহনীয়া প্ৰতিৰোধ আৰু গড়কাপ্তানী পথ নিৰ্মাণ কৰাৰ বাবে 60 কোটি টকাৰ এক আঁচনি লোৱাৰ কথা উল্লেখ কৰে ৷ আগন্তুক এটা বছৰ ৰাইজৰ কাম কৰি ৰাইজৰ আস্থা আৰু বিশ্বাস বুটলি 2021 চনত দ্বিতীয়বাৰৰ বাবে বিজেপি শাসনলৈ আহিব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷
কাটাঝাৰত উপস্থিত হৈ ভাৰতীয় জনতা পাৰ্টিৰ সৰভোগ সমষ্টিৰ গোবৰ্ধনা মণ্ডলৰ কাৰ্যালয় গৃহ মুকলি কৰে মন্ত্ৰীগৰাকীয়ে ৷ কাৰ্যালয় গৃহ মুকলি কৰি মন্ত্ৰী গৰাকীয়ে এখন সভাত অংশ গ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণ কৰা সম্পৰ্কে বক্তব্য প্ৰদান কৰে ৷ বক্তব্যত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে,অসমৰ বহুত সমস্যা আছে আৰু এই সকলো সমস্যা সমাধান কৰিবলৈ পাঁচ বছৰকাল বিজেপিৰ বাবে যথেষ্ট সময় নহয় ৷ বটদ্ৰৱা থানৰ মাটি কোনোবাই দখল কৰি লৈ যোৱা, ফুলকুমলীয়া ছোৱালী কোনোবাই মটৰ চাইকেলত উঠাই লৈ যোৱা সকলৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰিবলৈ বিজেপিৰ 20 বছৰকাল সময় লাগিব বুলি মন্তব্য কৰে বিত্ত মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰী গৰাকীৰ এই দিনযোৰা কাৰ্যসূচীত সৰভোগ সমষ্টিৰ বিধায়ক তথা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ৰণজিত কুমাৰ দাস,বিজেপিৰ সাংগঠনিক সম্পাদক ফনীন্দ্ৰ শৰ্মা বৰপেটা জিলা বিজেপিৰ সভাপতি শংকৰ চন্দ্ৰ দাস উপস্থিত থাকে ৷
লগতে পঢ়কঃ ৰাজনীতি এৰিলে ৰূপজ্যোতিয়ে; ক'লে কংগ্ৰেছৰ লেবেল লগাই মৰিব লাগিব !