ETV Bharat / state

ৰৌ-বৰালি কোনো সাৰি যাব নোৱাৰেঃ অতুল বৰা

author img

By

Published : May 18, 2020, 11:55 AM IST

বৰপেটাত কৃষি মন্ত্ৰী অতুল বৰা উপস্থিত হৈ সাংবাদিকৰ আগত পিএম কিষাণ সন্মান নিধি আঁচনিত হোৱা কেলেংকাৰীৰ বিষয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ বৰপেটা জিলাত পিএম কিষাণ সন্মান নিধিত যথেষ্ট অনিয়ম হোৱাৰ কথা স্বীকাৰ কৰে কৃষিমন্ত্ৰী অতুল বৰাই ৷

ETV BHARAt
ৰৌ-বৰালি কোনো সাৰি যাব নোৱাৰেঃ অতুল বৰা

বৰপেটা, ১৭ মেঃ বৰপেটাৰ উপায়ুক্ত কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত এখন সংবাদমেলত অংশগ্ৰহণ কৃষিমন্ত্ৰী অতুল বৰাৰ ৷ মন্ত্ৰীগৰাকীয়ে পিএম কিষাণ সন্মান নিধিৰ কেলেংকাৰীৰ বিষয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

ৰৌ-বৰালি কোনো সাৰি যাব নোৱাৰেঃ অতুল বৰা

সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যতো এতিয়া ৰাইজৰ মাজত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে আৰ্থিক সাহাৰ্য ৷ তাৰ বিপৰীতে ৰাজ্যখনত সংঘটিত হৈছে দৰিদ্ৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পিএম কিষাণ সন্মান নিধি আঁচনিত বৃহৎ কেলেংকাৰী ৷ বৰপেটাত কৃষি মন্ত্ৰী অতুল বৰা উপস্থিত হৈ সাংবাদিকৰ আগত পিএম কিষাণ সন্মান নিধি আঁচনিত হোৱা কেলেংকাৰীৰ বিষয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

বৰপেটা জিলাত পিএম কিষাণ সন্মান নিধিত যথেষ্ট অনিয়ম হোৱাৰ কথা স্বীকাৰ কৰে কৃষিমন্ত্ৰী অতুল বৰাই ৷ বৰপেটাৰ কৃষি বিষয়াক বাৰম্বাৰ সকিয়নি দিয়াৰ পিচতো লাখ লাখ মানুহৰ নাম তালিকাত সন্নিৱিষ্ট হৈ থকাৰ বাবেই বৰপেটাৰ কৃষি বিষয়া কৃষ্ণকান্ত পাঠকক ইতিমধ্যে নিলম্বনৰ নিৰ্দেশ দিয়া বুলিও সদৰি কৰে মন্ত্ৰীগৰাকীয়ে ৷

আনহাতে, পিএম কিষাণ সন্মান নিধিত তলৰ পৰ্যায়ত অনিয়ম সংঘটিত হোৱা বুলি আন এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ ইপিনে বহিঃৰাজ্যৰ পৰা অহা নিবনুৱা সকলক স্ব-নিয়োজনৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহন কৰি থকাৰ কথা উল্লেখ কৰে কৃষি মন্ত্ৰী অতুল বৰাই ৷ বাহিৰৰ ৰাজ্যত কাম কৰি থকা যুৱকসকল অসমলৈ উভতি অহাৰ পিচত তেওঁলোকক কৰ্মত নিয়োজিত কৰাৰ উদ্দেশ্যে ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে, আৰ্থিক সহায়ৰ পৰিৱৰ্তে স্কীল ডেভেলপমেন্টৰ ব্যৱস্থাৰে স্ব-নিয়োজনৰ পৰিকল্পনা লোৱা হৈছে বুলিও কৃষিমন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰে ৷ ইপিনে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে পিএম কিষাণ সন্মান নিধিৰ তদন্তৰ দায়িত্ব চিবিআইক অৰ্পনৰ বাবে কৰা দাবীক কৃষিমন্ত্ৰীগৰাকীয়ে যুক্তিহীন বুলি মন্তব্য কৰে ৷ তৰুণ গগৈৰ চৰকাৰৰ দিনত কৃষি বিভাগটো কিহলৈ পৰিৱৰ্তিত হৈছিল সেয়া ৰাইজে জানে আৰু তৰুণ গগৈৰ চৰকাৰৰ দিনত হোৱা কেলেংকাৰী খুচৰিবলৈ গ'লে বেছি ভাগেই ৰঙা ঘৰত থাকিব লগা হ'ব বুলি মন্তব্য কৰে অতুল বৰাই ৷

লগতে পঢ়ক- বঙাইগাঁৱত ধুমুহাত ব্যাপক ক্ষতিসাধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.