ETV Bharat / state

Mid day meal rice stolen: বৰপেটা গণককুছি আদৰ্শ বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ চাউল চুৰিৰ অভিযোগ - Rice stolen in Barpeta model school

এইবাৰ বৰপেটা গণককুছি আদৰ্শ বিদ্যালয়ত সংঘটিত হৈছে মধ্যাহ্ন ভোজনৰ চাউল চুৰিৰ ঘটনা ৷ বিদ্যালয়খনৰ কৰ্মচাৰী ৰেহেন আলীৰ বিৰুদ্ধে উঠিছে চাউল চুৰিৰ অভিযোগ ৷ ইয়াকে কেন্দ্ৰ কৰি বিদ্যালয়ৰ চৌহদত সোমবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷

Mid day meal rice stolen
বৰপেটা গণককুছি আদৰ্শ বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ চাউল চুৰি
author img

By

Published : Jan 9, 2023, 8:24 PM IST

বৰপেটা গণককুছি আদৰ্শ বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ চাউল চুৰি

বৰপেটা, ৯ জানুৱাৰী: বৰপেটাৰ গণককুছিস্থিত আদৰ্শ বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি ৷ মধ্যাহ্ন ভোজনৰ চাউল চুৰিক কেন্দ্ৰ কৰি বিদ্যালয়খনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ (Mid day meal rice stole in Barpeta) ৷ চাউল চুৰিৰ ঘটনা সন্দৰ্ভত বিদ্যালয়খনৰ অধ্যক্ষ আব্দুছ ছাহিদক ঘেৰাও অভিভাৱকসকলৰ ৷

উল্লেখ্য যে, শনিবাৰে বিদ্যালয়খনত সংঘটিত হৈছিল চাউল চুৰিৰ ঘটনা (Mid day meal rice) ৷ বিদ্যালয়খনৰ ৰেহেন আলী নামৰ কৰ্মচাৰীগৰাকীয়ে বিদ্যালয়খনৰ পৰা মধ্যাহ্ন ভোজনৰ চাউল চুৰি কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিচতেই ইয়াকে লৈ অভিভাৱক সকল ক্ষুব্ধ হৈ পৰে৷ ইফালে, চাউল চুৰিৰ ঘটনা গাপ দিবলৈকে কৰ্মচাৰীজনে চিচিভিটি কেমেৰা ওলোটাকৈ ৰাখি চুৰিকাণ্ড সংঘটিত কৰাৰো তথ্য-প্ৰমাণ পোৱা গৈছে ৷

কিন্তু সমগ্ৰ ঘটনা সন্দৰ্ভত বিদ্যালয়খনৰ অধ্যক্ষগৰাকীৰ ভূমিকাক লৈ অৱতাৰণা হৈছে প্ৰশ্নৰ ৷ অভিভাৱকসকলৰ অভিযোগ অনুসৰি চাউল চুৰিৰ বিষয়ে জানিব পাৰিও অভিযুক্ত কৰ্মচাৰীজনৰ বিৰুদ্ধে কোনো তৎকালীন ব্যৱস্থা গ্ৰহণ কৰা নাই বিদ্যালয়খনৰ অধ্যক্ষ আব্দুছ ছাহিদে ৷ অভিভাৱকসকলে হেঁচা দিয়াৰ পিচতো কৰ্মচাৰীৰূপী চোৰ ৰেহেন আলীৰ বিৰুদ্ধে থানাত আজি পৰ্যন্ত এজাহাৰ দাখিল কৰা নাই অধ্যক্ষগৰাকীয়ে ৷

অধ্যক্ষগৰাকীয়ে চোৰক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা চলোৱা কাৰ্যৰ বিৰুদ্ধে অৱশেষত সোমবাৰে ক্ষোভৰ বৰ্হিপ্ৰকাশ ঘটে বিদ্যালয়খনত (School staff stole mid day meal rice) ৷ অধ্যক্ষগৰাকীক ঘেৰাও কৰি জবাবদিহি কৰাৰ লগতে অভিযুক্ত কৰ্মচাৰীজনৰ বিৰুদ্ধে অতি শীঘ্ৰে গোচৰ তৰিবলৈ অভিভাৱকসকলে দাবী উত্থাপন কৰে ৷

বিদ্যালয়খনৰ চাউল চুৰিৰ ঘটনাৰ লগত তৃতীয় পক্ষ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে অভিভাৱকসকলে ৷ লক্ষ্যণীয়ভাৱে ইয়াৰ পূৰ্বেও আন্তঃগাঁথনি উন্নয়নৰ কাম কৰিবলৈ অহা ঠিকাদাৰসকলৰ বহু সামগ্ৰী বিদ্যালয় চৌহদৰ পৰা চুৰি হোৱাৰ কেইবাটাও উদাহৰণ আছে যদিও এই ক্ষেত্ৰত অধ্যক্ষগৰাকীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱকসকলে ৷ ইফালে, বিদ্যালয় পৰিচালনা সমিতিৰ লগত আলোচনা মৰ্মেহে অভিযুক্ত কৰ্মচাৰীজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমক অৱগত কৰিছে অধ্যক্ষ আব্দুছ ছাহিদে (Rice stole in Barpeta model school) ৷

এই ঘটনাক লৈ অভিভাৱকসকৰ ককৰ্থনাৰো সন্মুখীন হয় অধ্যক্ষগৰাকী ৷ চাউল চুৰিৰ অভিযোগ সন্দৰ্ভত কোনোধৰণৰ পতিয়নযোগ্য উত্তৰ দিব নোৱাৰাত অধ্যক্ষগৰাকীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে অভিভাৱকসকলৰ ৷

উল্লেখ্য যে, বিদ্যালয়সমূহৰ পৰা এনেদেৰে মধ্যাহ্ন ভোজনৰ চাউল চুৰি হোৱা ঘটনা নতুন কথা নহয় ৷ ৰাজ্যৰ বহু বিদ্যালয়ত একাংশ কৰ্মচাৰীৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত সংঘটিত হৈ আহিছে চাউল চুৰিৰ ঘটনা ৷ বহু সময়ত চাউল চুৰিৰে বিদ্যালয়ৰ অধ্যক্ষও জড়িত থকৰা তথ্য পোহৰলৈ আনিছে ৷

লগতে পঢ়ক: Teacher attacked by miscreants in Barpeta: বৰপেটাৰোডত শিক্ষকক চোকা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.