ETV Bharat / state

Fishery scam : টাপাজুলিত পুখুৰী খননৰ নামত ব্যাপক কেলেংকাৰী - Scam in MGNREGA

বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ডত চৰকাৰী আঁচনিৰ নামত ব্যাপক কেলেংকাৰী (Govt scheme scam)। আঁচনিৰ নামত অহা ৯ লাখ ৯৫ হাজাৰ ৪৬১ টকা আত্মসাৎ । কেলেংকাৰীত পঞ্চায়তৰ প্ৰতিনিধি আৰু আন আন বিষয়া-কৰ্মচাৰী জড়িত থকাৰ অভিযোগ । তদন্তৰ আশ্বাস লোকপালৰ ।

Fishery scam
টাপাজুলিত পুখুৰী খননৰ নামত ব্যাপক কেলেংকাৰী
author img

By

Published : Mar 23, 2023, 1:50 PM IST

টাপাজুলিত পুখুৰী খননৰ নামত ব্যাপক কেলেংকাৰী

জনীয়া,২৩ মাৰ্চ : কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰে মৎস্যপালকসকলৰ সুবিধাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । আনহাতে গ্ৰাম্য অৰ্থনীতিৰ উন্নয়নৰ বাবে "ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ" আদিকে ধৰি বহু আঁচনি ৰূপায়ণ কৰিছে (Fishery department scheme)। কিন্তু এই আঁচনিবোৰ সফলভাৱে ৰূপায়ণ হৈছে নে ? এই ধৰণৰ চৰকাৰী আঁচনিৰ নামত লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উঠিছে ।

এইবাৰ বৰপেটা জিলাত চৰকাৰী আঁচনিৰ অধীনত পুখুৰী খননৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হৈছে (Scam in fishery tank scheme)। টাপাজুলি পাথাৰ গাঁৱত পুখুৰী খননৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উঠিছে । চৰকাৰে আৱণ্টন দিয়া ৯ লাখ ৯৫ হাজাৰ ৪৬১ টকাৰ আঁচনিখনৰ এটকাৰো কাম নকৰাকৈ সম্পূৰ্ণ টকা আত্মসাৎ কৰাৰ অভিযোগ উঠিছে ।

বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ৮৩ নং সোণাপুৰ ৰুভী গাঁও পঞ্চায়তৰ টাপাজুলি পাথাৰ গাঁৱত ২০২০-২১ চনৰ এমজি এনৰেগাৰ এক আঁচনি আৱণ্টন দিয়া হৈছিল ৷ জানিব পৰা মতে এমজি এনৰেগাৰ অন্তৰ্গত টাপাজুলি গাঁও পঞ্চায়তৰ পৰা এটা পুখুৰী খান্দিবলৈ আঁচনি প্ৰস্তুত কৰা হৈছিল আৰু সেই আঁচনিমৰ্মে বৃহৎ ধনখিনি মোকলাই দিয়া হৈছিল (MGNREGA scam in Barpeta)।

সেই আঁচনিৰ নামত মোকলাই দিয়া হৈছিল ৯ লাখ ৯৫ হাজাৰ ৪৬১ টকা । আচৰিত কথাটো হ'ল যে একেখন গাঁৱৰে হাশমত আলী নামৰ এগৰাকী ব্যক্তিৰ ডাঙৰ পুখুৰী এটা ডেৰ বছৰৰ বাবে ঠিকাত লৈ তাত চৰকাৰী ফলক আঁৰি দি উক্ত কামৰ সম্পূৰ্ণ টকা আত্মসাৎ কৰে টাপাজুলি পাথাৰ গাঁৱৰ খণ্ড সদস্যাৰ স্বামী সহৰ আলীয়ে ৷ ইফালে এমজি এনৰেগাৰ কামত সংঘটিত দুৰ্নীতি আৰু অনিয়মৰ ওপৰত নজৰ ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰতিখন জিলাতে একোজন লোকপাল নিয়োগ কৰে (Scam in MGNREGA)।

স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে বৰপেটা জিলাৰ লোকপালগৰাকীয়ে উক্ত স্থান পৰিদৰ্শন কৰে আৰু আচৰিত হৈ পৰে । আনহাতে এই দুৰ্নীতিত জড়িত লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলিও আশ্বাস দিয়ে লোকপালগৰাকীয়ে । অভিযোগ অনুসৰি এই দুৰ্নীতিত পঞ্চায়ত সভানেত্ৰীৰ লগতে আঁচনিটোৰ বিভিন্ন পৰ্যায়ৰ বিষয়া-কৰ্মচাৰী জড়িত আছে । দুৰ্নীতি সন্দৰ্ভত ৰাইজে উচ্চ পৰ্যায়ৰ তদন্তৰো দাবী কৰিছে ।

লগতে পঢ়ক :Barpeta Love Jihad: লাভ জেহাদৰ অভিযুক্ত ৰিতুল হুছেইনক কাৰাগাৰলৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.