ETV Bharat / state

লাইলাপুৰ কাণ্ডৰ শ্বহীদ নাজমূল হকৰ বাসগৃহত ৰাইজৰ দলৰ প্ৰতিনিধি

author img

By

Published : Jul 29, 2021, 10:50 PM IST

অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত মিজো দুৰ্বৃত্তৰ হাতত 6 জনকৈ আৰক্ষী জোৱান আৰু এজন স্থানীয় লোকৰ মৃত্যু হোৱাৰ ঘটনাক লৈ ৰাজ্যত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে বৰপেটাৰ কদমগুৰিৰ শ্বহীদ জোৱান নাজমূল হকৰ ঘৰত উপস্থিত হয় কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলৰ প্ৰতিনিধি ৷

members-of-raijor-dol-visited-martyred-najmul-haques-place
লাইলাপুৰ কাণ্ডৰ শ্বহীদ নাজমূল হকৰ বাসগৃহত ৰাইজৰ দলৰ প্ৰতিনিধি

বৰপেটা, 29 জুলাই : অসম-মিজোৰাম সীমান্তস্থিত লাইলাপুৰত সংঘটিত হোৱা কাণ্ডক লৈ ৰাজ্যত বৰ্তমানেও অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া তথা প্ৰতিবাদ ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে বৰপেটাৰ কদমগুৰিৰ শ্বহীদ জোৱান নাজমূল হকৰ ঘৰত উপস্থিত হয় কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলৰ প্ৰতিনিধি ৷ কমল কুমাৰ মেধি আৰু বিটু সোণোৱালৰ নেতৃত্বত উপস্থিত হোৱা প্ৰতিনিধি দলটোৱে শ্বহীদ জোৱানজনৰ পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জনায় ৷ লগতে 6 জনকৈ আৰক্ষীৰ জোৱান শ্বহীদ হোৱাৰ পিচতো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰৰ ওচৰত আত্মসমৰ্পণ কৰা বুলি মন্তব্য কমল কুমাৰ মেধিয়ে ৷

আনহাতে এনে এক ভয়াৱহ ঘটনা সংঘটিত হৈ যোৱাৰ পাছতো নলবাৰী আৰু গুৱাহাটীও মিজোক এৰি দিম বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক 6 জন আৰক্ষী জোৱানৰ প্ৰতি অপমান বুলি অভিহিত কৰে কমল কুমাৰ মেধিয়ে ৷ লগতে গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত শ্বিলঙত অনুষ্ঠিত হোৱা সীমা সমস্যা সম্পৰ্কীয় বৈঠকৰ পিচতে সংঘটিত হোৱা এই ঘটনাত কোনো উচ্চ পৰ্যায়ৰ ৰাজনীতি জড়িত হৈ আছে নেকি বুলিও প্ৰশ্ন কৰে কমল কুমাৰ মেধিয়ে ৷ লক্ষণীয়ভাৱে সীমা সমস্যাৰ সমাধান হোৱা বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰাৰ 24 ঘন্টাৰ পিচতেই মিজোৰাম সৈতে উক্ত সংঘাত হৈছিল ৷ যাৰ বাবে উক্ত সীমা সংঘাতত কোনো উচ্চ পৰ্যায়ৰ ৰাজনীতি জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে কমল কুমাৰ মেধিয়ে ৷

লগতে পঢ়কঃ সুশান্তলৈ প্ৰদেশ কংগ্ৰেছৰ শ্ব'কজ : ৩১ জুলাইলৈকে সময়সীমা

বিশেষকৈ পুলৱামা কাণ্ডৰ দৰেই উপ নিৰ্বাচনৰ পূৰ্বে অনুৰূপ কাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজৰ দলৰ নেতা কমল কুমাৰ মেধিয়ে ৷ একেদৰে কৃষক নেতা বিতু সোণোৱালেও অসম-মিজোৰাম সীমা সমস্যাক লৈ মুখ্যমন্ত্ৰীক সমালোচনা কৰি ড৹ হিমন্ত বিশ্ব শৰ্মা কেতিয়াও জোৰাম থাংগা হ'ব নোৱাৰে বুলি মন্তব্য কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমে প্ৰত্যাক্ৰমণ নকৰে আৰু অসমৰ দেহত প্ৰত্যাক্ৰমণৰ DNA নাই বুলি কৰা মন্তব্যকো সমালোচনা কৰে বিতু সোণোৱালে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.