ETV Bharat / state

Mathura Das Burha Ata: বৰপেটা সত্ৰৰ প্ৰথমজন সত্ৰাধিকাৰ শ্ৰীশ্ৰীমথুৰাদাস বুঢ়া আতাৰ তিৰোভাৱ তিথি পালন - বৃন্দাৱনী বস্ত্ৰ

বৰপেটা সত্ৰত পালন কৰা হৈছে বৰপেটা সত্ৰৰ প্ৰথমজনা সত্ৰাধিকাৰ শ্ৰীশ্ৰীমথুৰাদাস বুঢ়া আতাৰ তিৰোভাৱ তিথি (Mathura Das Burha Ata death anniversary)৷ বৰপেটা সত্ৰত ৫ দিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্যগৰাকীৰ তিৰোভাৱ তিথি ৷

Mathura Das Burha Ata
শ্ৰীশ্ৰীমথুৰাদাস বুঢ়া আতাৰ তিৰোভাৱ তিথি পালন
author img

By

Published : Oct 13, 2022, 10:24 PM IST

বৰপেটা, ১৩ অক্টোবৰ: আজি মথুৰাদাস বুঢ়া আতাৰ তিৰোভাৱ তিথি মহোৎসৱ ৷ শ্ৰীমন্ত শংকৰ-মাধৱ দুজনা গুৰুৰ পাছতেই বৰপেটাৰ সত্ৰীয়া(Barpeta Satra) ব্যৱস্থাত অধিক মান্যতা প্ৰদান কৰা হয় মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য, ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ শ্ৰীশ্ৰীমথুৰাদাস বুঢ়া আতাক (Mathura Das Burha Ata)৷

শ্ৰীশ্ৰীমথুৰাদাস বুঢ়া আতাৰ তিৰোভাৱ তিথি পালন

মাধৱদেৱ মহাপুৰুষে(Mahapurush Sri Sri Madav dev) স্থাপন কৰা বৰপেটা সত্ৰক পূৰ্ণতা প্ৰদানেৰে আধুনিক সমাজ ব্যৱস্থা গঢ় দিওতা মথুৰাদাস বুঢ়া আতাৰ নিজস্ব চিন্তাৰে বৰপেটা সত্ৰ ব্যৱস্থাত হাটীয়াৰ পূঁজিৰে বেংক ব্যৱস্থাৰ আৰম্ভণি, চৰু ভঁৰাল স্থাপনৰ জৰিয়তে খাদ্য নিগম ব্যৱস্থাৰ সূত্ৰপাত ঘটাই সত্ৰবাসী লোকসকলে যাতে প্ৰয়োজনত ঋণ লাভ কৰে আৰু ভকত বৈষ্ণৱে খাদ্যৰ সমস্যাত পৰিব নালাগে তেনে এক ব্যৱস্থা গঢ়ি তুলিছিল ৷

তাৰোপৰি সত্ৰৰ সত্ৰাধিকাৰজনা পুৰুষাণুক্ৰমিক নহৈ সত্ৰবাসীৰ দ্বাৰা নিৰ্বাচন কৰাৰ পৰম্পৰা সৃষ্টিৰে গণতান্ত্ৰিক ধ্যান ধাৰনাৰো জন্ম দিয়া মথুৰাদাস বুঢ়া আতাৰ তিৰোভাৱ তিথি মহোৎসৱ বৰপেটা সত্ৰত ৫ দিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে ৷ বৃন্দাৱনী বস্ত্ৰ(Vrindavani vastra) নিৰ্মাণৰ মুখ্য তাঁতী, গণতান্ত্ৰিক বিধি ব্যৱস্থাৰ প্ৰৱৰ্তক, গুৰু ভক্তিৰ শ্ৰেষ্ঠতম নিদৰ্শনকাৰী মথুৰাদাস বুঢ়া আতাৰ তিৰোভাৱ তিথি উপলক্ষে ৯ অক্টোৱৰৰ পৰা পাঁচদিনীয়াকৈ পালন কৰা কীৰ্তন মহোৎসৱৰ আজি মূল সবাহ অনুষ্ঠিত হৈছে (Mathura Das Burha Ata death anniversary)৷

বুঢ়া আতাৰ তিৰোভাৱ তিথি মহোৎসৱৰ মূল সবাহ উপলক্ষে ভকত-বৈষ্ণৱ আৰু আইসকলৰ পুৱাৰ প্ৰসংগৰ সামৰণিৰ পাছত সত্ৰৰ বংশৰা আৰু গায়ন বায়নে(Religious dance Gayan bayan) সত্ৰৰ গুৰু আসনৰ সন্মুখত গুৰুঘাট বজাই খোল প্ৰসংগ কৰাৰ লগতে ভোজন ব্যৱহাৰ নাটৰ অংক পৰিৱেশন কৰে৷ আতাপুৰুষজনাৰ তিৰোভাৱ তিথি উপলক্ষে ভকত বৈষ্ণৱে সত্ৰত সেৱা জনায় ৷ বিয়লি থূল নহাটীৰ বাপুসকলে গায়ন-বায়ন আৰু কীৰ্তনেৰে সত্ৰত কৰভাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক: Letter to Droupadi Murmu : অসমৰ সীতাৰাম মুৰ্মুৱে লিখিলে দ্ৰৌপদী মুৰ্মুলৈ পত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.