ETV Bharat / state

বেংগালুৰুত ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা ছাত্ৰীৰ অভিযুক্তক ফাঁচীৰ দাবীত প্ৰতিবাদ - গোৱালপাৰা

হাতে হাতে মম লৈ হাউলীত প্ৰতিবাদ ৷ হাউলীৰ মেধাবী ছাত্ৰীক বেংগালুৰুত দলবন্ধ ধৰ্ষণ কৰি হত্যা কৰা অভিযুক্তৰ ফাঁচীৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷

massive-protest-in-howly
বাংগালোৰত ধৰ্ষিতা ছাত্ৰীৰ অভিযুক্তক ফাঁচীৰ দাবীত হাউলীত প্ৰতিবাদ
author img

By

Published : Dec 18, 2020, 9:59 PM IST

বৰপেটা, 18 ডিচেম্বৰ : বৰপেটাৰ হাউলীৰ নগৰঝাৰ গাঁৱৰ মেধাবী ছাত্রী গৰাকীক বেংগালুৰুত ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ প্ৰতিবাদত হাউলী চহৰত শুকুৰবাৰে সন্ধিয়া বিশাল প্ৰতিবাদী সমদল উলিওৱা হয় ৷ হাউলীৰ বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে শীঘ্ৰে দোষীক শাস্তিৰ দাবী জনায় ৷

বাংগালোৰত ধৰ্ষিতা ছাত্ৰীৰ অভিযুক্তক ফাঁচীৰ দাবীত হাউলীত প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে দোষীক শাস্তিৰ দাবীত বিভিন্ন শ্ল'গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে, 15 ডিচেম্বৰত ছাত্ৰী গৰাকীক গোৱালপাৰাৰ আনিচুৰ ৰহমানৰ লগতে আন দুই যুৱকে বেংগালুৰুত দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰিছিল । শুকুৰবাৰে ছাত্ৰী গৰাকীক মৃতদেহ নিজ ঘৰলৈ অনাৰ পিচতে হাউলী চহৰবাসীয়ে হাতে হাতে ম'ম লৈ হত্যাকাৰীক ফাঁচীৰ দাবী জনায় ৷ আমছু, যুৱ কংগ্ৰেছ আৰু ষ্টুডেন্টছ ইছলামিক অৰ্গেনাইজেছনৰ লগতে হাউলীৰ বিভিন্ন দল সংগঠনৰ উদ্যোগত সহস্ৰাধিক ৰাইজে হাউলী চহৰত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে, মুল অভিযুক্ত আনিচুৰ ৰহমানৰ লগতে আন দুই যুৱককো গ্ৰেপ্তাৰ কৰিছে বেংগালুৰু আৰক্ষীয়ে ৷

লগতে পঢ়ক : পহিলা জানুৱাৰীৰ পৰা পুনঃআৰম্ভ হ’ব শিলঘাট মৰাপাট কলৰ উৎপাদন কাৰ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.