ETV Bharat / state

ৰাজ্যৰ পৃথক স্থানত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড - massive fire at morigaon barpeta kokrajhar

শনিবাৰে নিশা ৰাজ্যৰ তিনিটাকৈ পৃথক স্থানত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ বৰপেটাৰ ৰৌমাৰী গাঁৱৰ লগতে মৰিগাঁৱৰ হাঁহচৰা আৰু কোকৰাঝাৰত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা তিনিটা ৷ পথৰ দুৰৱস্থাৰ বাবে ৰৌমাৰীৰ ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ বাহন প্ৰৱেশ কৰিব নোৱাৰি উভটি যায় ৷

massive fire at morigaon barpeta kokrajhar
ভয়ংকৰ অগ্নিকাণ্ড
author img

By

Published : Apr 5, 2020, 11:40 AM IST

বৰপেটা,৫ এপ্ৰিলঃ ৰাজ্যৰ বৰপেটা,মৰিগাঁও আৰু কোকৰাঝাৰত শনিবাৰে নিশা সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ বৰপেটাৰ ৰৌমাৰী গাঁৱত সংঘটিত অগ্নিকাণ্ডৰ ফলত সাতটা পৰিয়ালৰ 9 টা গৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷ অগ্নিকাণ্ডটোৰ ফলত পৰিয়ালকেইটাৰ প্ৰায় ১৫ লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট হয় ৷ পৰিয়াল কেইটা ক্ৰমে-হাছিনা বেগম,গোলাপ হুছেইন,চম্পা খাতুন,আনোৱাৰ হুছেইন,মহৰচান আলী,আইজল হক আৰু মেগা আলীৰ বুলি জানিব পৰা গৈছে ৷

লক্ষাধিক সা-সম্পত্তি নষ্ট

ঘটনাৰ বিৱৰণী অনুসৰি,হাছিনা বেগমৰ গৃহত থকা জুহালৰ পৰা জুইৰ সূত্ৰপাত হয় । পিছত স্থানীয় লোকৰ তৎপৰতাত নিৰ্বাপিত হয় জুই । ঘটনাস্থলীত তাৰাবাৰী আৰক্ষী উপস্থিত হয় যদিও পথৰ দুৰৱস্থাৰ বাবে অগ্নিকাণ্ডস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে প্ৰৱেশ কৰিব নোৱাৰি উভতি যাবলগীয়া হয় ৷

মৈৰাবাৰীঃ মৰিগাঁও জিলাৰ হাঁহচৰাত সংঘটিত ভয়ানক অগ্নিকাণ্ড । শনিবাৰে নিশা প্ৰায় 8.30 বজাত সংঘটিত অগ্নিকাণ্ডটোৰ ফলত হাঁহচৰাৰ জামে মছজিদৰ সমীপৰ ফাইজুৰ ৰহমানৰ বাসগৃহৰ লগতে অন্য তিনিটা পৰিয়ালৰ ঘৰ জ্বলি ভস্মীভূত হয় ৷ বিধ্বংসী অগ্নিকাণ্ডৰ উৎপত্তিৰ কাৰণ এই মুহুৰ্তলৈকে জানিব পৰা হোৱা নাই । স্থানীয় একাংশ ৰাইজৰ লগতে মৈৰাবাৰীৰ অগ্নি নিৰ্বাপক বাহিনীৰ দুখন বাহনে জুই নুমুৱাবলৈ সক্ষম হয় যদিয়ো ইতিমধ্যে পৰিয়ালকেইটাৰ সমগ্ৰ সা-সম্পত্তি ভষ্মীভূত হয় ।

পশুধনৰ মৃত্যু

দিন-হাজিৰা কৰি জীৱিকা নিৰ্বাহ কৰা পৰিয়ালকেইটা লক ডাউনৰ বাবে ইতিমধ্যে বহু অসুবিধাৰ সন্মুখীন হৈছিল ৷ কিন্তু অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণ সা-সম্পত্তি হেৰুওৱা পৰিয়ালকেইটাই এতিয়া মুৰে-কপালে হাত দিছে ।

কোকৰাঝাৰঃ কোকৰাঝাৰৰ ৰবীন্দ্ৰ নগৰৰ এঘৰ লোকৰ বাসগৃহৰ পৰা জুইৰ সূত্ৰপাত হৈ চাৰিটাকৈ ঘৰ ভষ্মীভূত হয় ৷ ঘটনাৰ বিৱৰণী অনুসৰি, শনিবাৰে নিশা প্ৰায় ১১.২০ বজাত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটি ৰবীন্দ্ৰ নগৰৰ কামেশ্বৰ ঠাকুৰৰ ঘৰত জুইৰ সূত্ৰপাত ঘটে ৷ মুহুৰ্ততে দাউ-দাউকৈ জ্বলি উঠা জুইৰ লেলিহান শিখাই জনক মণ্ডল, শিৰিছ মণ্ডল আৰু কালাৱতী দেৱীৰ ঘৰত আগুৰি ধৰাত ভষ্মীভূত হয় চাৰিটাকৈ ঘৰ ৷

কোকৰাঝাৰত চিলিণ্ডাৰ বিষ্ফোৰণ

ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ৷ জুইৰ ফলত লক্ষাধিক টকাৰ সম্পত্তি নষ্ট হয় ৷

লগতে চাওকঃ গোলাঘাটত উদ্ধাৰ দিল্লীৰ যুৱতীঃজ্বৰ, কাহ, ডিঙিৰ বিষত আক্ৰান্ত যুৱতীগৰাকী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.