ETV Bharat / state

Beki River Erosion: কেমেৰাৰ সমুখতে বেঁকীৰ বুকুত জাহ গ’ল ঘৰ; উপায়হীন নৈ পৰীয়া

কলগাছিয়াৰ বলাইপাথাৰ গাঁৱত বেঁকী নৈৰ প্ৰবল গৰাখহনীয়া । চকুৰ সন্মুখতে জাহ গ’ল এটা পকী ঘৰ । জনপ্ৰতিনিধিৰ প্ৰতিশ্ৰুতি আৰু আশ্বাসৰ প্ৰতি আস্থা হেৰুৱাই গাঁঠিৰ ধন ভাঙি ৰাইজে ঘৰে ঘৰে গৈ বাঁহ সংগ্ৰহ কৰি গৰাখহনীয়া প্ৰতিৰোধৰ প্ৰচেষ্টা ।

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 1:09 PM IST

Beki River Erosion
কলগাছিয়াৰ বলাইপাথাৰ গাঁৱত বেঁকী নৈৰ প্ৰবল গৰাখহনীয়া

জনিয়া, 1 ছেপ্তেম্বৰ : ‘‘আকৌ গ’ল ৷ আপোন ঘৰ-মাটি উটি গ’ল নদীত ৷ ক’ত যাব, কি কৰিব ! কোনে বা শুনিব বন্যাৰ্ত আৰু খহনীয়াগ্ৰস্ত লোকৰ বেদনা ৷ দিশহাৰা এতিয়া বন্যাৰ্ত ৷’’ বানপানী আৰু গৰাখহনীয়া যেন জনিয়া সমষ্টিবাসীৰ বাবে অভিশাপ হৈ পৰিছে ।

প্ৰতিবছৰে বানপানী আৰু বেঁকী নৈৰ গৰাখহনীয়াই নৈ পৰীয়া ৰাইজৰ সপোনৰ ঘৰ তথা শস্য শ্যামলা কৃষি ভূমি উচন কৰি পথৰ ভিক্ষাৰীত পৰিণত কৰি আহিছে । জনিয়া সমষ্টিৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বলাইপাথাৰ, কাউৰঝাহি, খাৰবাল্লী আৰু শওপুৰ গাঁৱত বেঁকী নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে ৷ ফলত চপৰা চপৰে বেঁকী নদীয়ে খহাই নিছে ভেঁটি মাটি ।

xbvxdb
চকুৰ সন্মুখতে জাহ গ’ল আপোন ঘৰখন

কিন্তু ইমানৰ পাচতো আজি পৰ্যন্ত চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ আনকি জনপ্ৰতিনিধিৰ প্ৰতিশ্ৰুতি আৰু আশ্বাসো এতিয়া অসাৰ প্ৰতিপন্ন হৈছে ৷ এই অভিযোগ জনিয়া সমষ্টিবাসীৰ একাংশ লোকৰ ৷ নিজৰ মাটি-বাৰী, আপোন ঘৰখন হেৰুৱাই দিশহাৰা হৈ পৰিছে এতিয়া জনিয়া সমষ্টিৰ বহু লোক ৷ উপায়ন্তৰ হৈ গাঁঠিৰ ধন ভাঙি ৰাইজে ঘৰে ঘৰে গৈ বাঁহ সংগ্ৰহ কৰি বলাইপাথাৰ বেঁকী নদীৰ পাৰত গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ হাতে কামে লগা পৰিলক্ষিত হৈছে ।

উল্লেখযোগ্য যে, স্থানীয় বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ লগতে বৰপেটাৰ সাংসদ আব্দুল খালেকক এই বিষয়ে বাৰম্বাৰ অৱগত কৰা হৈছে ৷ কিন্তু ৰাইজৰ কোনো কথাই যেন গুৰুত্ব নিদিয়ে বিধায়কগৰাকীয়ে ৷ সংবাদ মাধ্যমৰ আগত এই অভিযোগ উত্থাপন কৰিছে খহনীয়াগ্ৰস্ত ৰাইজে ৷ সেয়ে পুনৰবাৰ বিভাগীয় কৰ্তৃপক্ষক গৰাখহনীয়া প্ৰতিৰোধৰ বাবে দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক : Protest over Silsako eviction: ঘৰখন বচাব লাগে; শিলসাঁকোৰ উচ্ছেদে অৰ্ধ নগ্ন হ’বলৈ বাধ্য কৰিলে মহিলাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.